ডাউনলোড
মোবাইল এপ

android apple
signal

আকাশবাণী বাতৰি সেৱা বিভাগত চৰকাৰৰ ১১ বছৰীয়া প্ৰচেষ্টাৰ প্ৰতিবেদনত আজি উত্তৰ-পূব ভাৰতৰ বিকাশৰ যাত্ৰা সন্দৰ্ভত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যানৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিগত এটা দশকত দেশৰ আমূল পৰিৱৰ্তন সাধন হৈছে। আকাশবাণী বাতৰি সেৱা বিভাগে চৰকাৰে বিভিন্ন খণ্ডত যোৱা এঘাৰটা বছৰত চলোৱা প্ৰচেষ্টা সন্দৰ্ভত বিশেষ প্রতিবেদন প্ৰচাৰৰ দিহা কৰিছে। এনে প্ৰচেষ্টাৰ অংশ হিচাপে আজি উত্তৰ- পূব ভাৰতৰ বিকাশৰ যাত্ৰা সন্দৰ্ভত আলোকপাত কৰা হৈছে। এটা সময়ত এই অঞ্চলটো দূৰৱৰ্তী অঞ্চল হিচাপে পৰিগণিত হৈছিল যদিও সম্প্রতি এই অঞ্চলটো প্ৰগতি আৰু সুচল যোগাযোগৰ প্ৰতীক ৰূপে পৰিগণিত হৈছে। যোৱা এটা দশকত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বিচ্ছিন্ন অঞ্চলৰ পৰিৱৰ্তে ভাৰতৰ মূল ভূ-খণ্ডৰ এটা অংশলৈ ৰূপান্তৰিত হৈছে। এক্ট-ইষ্ট নীতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এই অঞ্চলটো অৱহেলিত অঞ্চলৰ পৰা অগ্ৰাধিকাৰ অঞ্চললৈ পৰিৱৰ্তিত হৈছে। বিভিন্ন শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত অঞ্চলটোত উগ্ৰপন্থীৰ কাৰ্যকলাপ হ্ৰাস পাই শান্তি স্থাপন হোৱাৰ লগতে AFSPAৰ অন্তৰ্ভুক্ত এলেকাৰ পৰিধিও হ্ৰাস কৰা হৈছে। শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত কেইবা দশক পুৰণি সীমা সমস্যা সমাধানৰ উদ্দেশ্যে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ইপিনে যোগাযোগৰ ক্ষেত্ৰতো অভূতপূর্ব উন্নয়ন সাধন হৈছে। মিজোৰামত ৰে’ল যোগাযোগৰ লগতে ১০টা সেউজ বিমান বন্দৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত ৰ-ৰ ফেৰী সেৱা আদিয়ে আহ-যাহ সুচল কৰি তুলিছে। বগীবিল দলঙৰ দ্বাৰা প্ৰকল্পসমূহে এসময়ৰ ভিতৰুৱা অঞ্চলসমূহৰ সৈতেও যোগাযোগ উন্নত কৰিছে। আনহাতে পিএম-ডিভাইন আৰু উন্নতি-২০২৪ৰ দৰে আঁচনিসমূহেও নতুন অর্থনৈতিক সম্ভাৱনাও কঢ়িয়াই আনিছে। এক লাখ কোটি টকাতকৈও অধিক ধন ব্যয়ৰে অব্যাহত থকা বিভিন্ন প্রকল্পসমূহে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু জীৱন জীৱিকাৰ মানো উন্নত কৰিছে।

অধিক পঢ়ক

সকলো চাওক