May 20, 2024 12:26 PM May 20, 2024 12:26 PM
11
লোকসভা পৰৱতী দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ
লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা পৰ্যায়সমূহৰ পৰিস্থিতি পর্যালোচনা কৰি বাকী থকা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশাৰ কেইবাখনো নির্বাচনী সভাত অংশ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে আজি ওড়িশাৰ পুৰীত এটা ৰোড শ্ব'ৰ লগতে ৰাজ্যখনৰ ধেনকানান আৰু কটকত নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে বিয়লিৰ ভাগত তেওঁ পশ্চিমবংগৰ তামলুক আৰ...