October 23, 2025 12:09 PM October 23, 2025 12:09 PM

views 71

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ মুখ্য নির্বাচনী বিষয়াৰ সন্মিলন অনুষ্ঠিত

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মুখ্য নির্বাচনী বিষয়াৰ সন্মিলনত দেশজোৰা বিশেষ পুনৰীক্ষণ (SIR) অনুশীলনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। বৈঠকত নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীয়েও অংশগ্রহণ কৰে। এই সন্মিলনত আয়োগে জিলা নির্বাচনী বিষয়া, নির্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষ...

September 19, 2025 9:05 PM September 19, 2025 9:05 PM

views 51

শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আয়োগৰ নীতি-নিয়ম অমান্য কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নির্বাচন আয়োগে জানিবলৈ দিছে। ২০১৯ চনৰ পৰা এতিয়ালৈকে ৰাজনৈতিক দলসমূহে এবাৰো নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত নির্বাচন আয়োগে যোৱা মাহত ৩৩৪টা ৰাজনৈতিক দলৰ নাম বাতিল কৰিছিল। ইয়াকে লৈ এতিয়ালৈকে বিগত দুটা মাহত মুঠ ৮০৮টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ কৰ্তন কৰা হৈছে। আয়োগে জনোৱা ...

September 12, 2025 12:27 PM September 12, 2025 12:27 PM

views 16

দেশৰ সকলো মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ সৈতে নির্বাচন আয়োগৰ কৰ্মশালা

নির্বাচন আয়োগে দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ বাবে এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিব। এই কর্মশালাত দেশত সংবিধান অনুযায়ী নির্বাচন অনুষ্ঠিত কৰা আৰু আইনী, তথ্যগত আৰু নিয়ম আধাৰিত তথ্য সময়মতে আৰু সমন্বিতভাৱে প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেছ কুমাৰে নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ উপস্থিতিত এই কর্মশালা উদ্বোধন কৰিব। নির্বাচন আয়োগে এটা বিবৃতি যোগে কৈছে, যে নির্বাচনী ...

September 3, 2025 12:38 PM September 3, 2025 12:38 PM

views 9

কংগ্ৰেছ নেতা পৱন খেৰালৈ নির্বাচন আয়োগৰ জাননী জাৰি

এটাতকৈ অধিক সমষ্টিত নির্বাচনী পঞ্জীয়ন থকা বাবে নির্বাচন আয়োগে কংগ্ৰেছ নেতা পৱন খেৰালৈ জাননী জাৰি কৰিছে। নতুন দিল্লী সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই অহা ৮ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ আগতে নেতাগৰাকীক এই জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে। নতুন দিল্লী আৰু জংপুৰা বিধানসভা সমষ্টিত ভোটদাতা হিচাপে নাম সন্নিৱিষ্ট থকা বাবে এই জাননী জাৰি কৰা হৈছে।

August 19, 2025 8:33 PM August 19, 2025 8:33 PM

views 50

নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ বাবে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্ৰহণ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ লগতে ইয়াৰ সংশোধনৰ বাবে বিগত ছমাহত ভালেমান পদক্ষেপ লৈছে। আয়োগে জনাইছে যে, এই পদক্ষেপসমূহে বিভিন্ন ৰাজনৈতিক দল আৰু নির্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট পক্ষসমূহক সামৰি লোৱাৰ লগতে নির্বাচনী প্রক্রিয়াক শক্তিশালী ৰূপত আগবঢ়াই নিয়া তথা শিক্ষণ ব্যৱস্থাৰ জৰিয়তে প্রযুক্তি বিদ্যাৰ ব্যৱহাৰেৰে ভোটদানৰ প্ৰক্ৰিয়াক সহজ কৰি তোলাৰ চেষ্টা কৰিছে। অ-স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলক বিচাৰি উলিয়াই নিৰ্বাচনত দলসমূহৰ অংশগ্রহণ বন্ধ কৰা, ভোটদান কেন্দ্ৰসমূহত ...

August 13, 2025 12:16 PM August 13, 2025 12:16 PM

views 13

নিৰ্বাচন আয়োগৰ সৈতে এন চি পিৰ এটা প্ৰতিনিধি দলৰ মত বিনিময়

নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ তথা নিৰ্বাচন আয়ুক্তদ্বয় ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে এন চি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ব্ৰীজমোহন শ্ৰীবাস্তৱৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰে। উল্লেখযোগ্য যে, বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ সভাপতিসকলৰ সৈতে নিৰ্বাচন আয়োগৰ মত-বিনিময় কাৰ্যসূচীৰ অংশ হিচাপেই এই বৈঠক অনুষ্ঠিত হয়। বিগত ১৫০ দিনত মুঠ ৪ হাজাৰ ৭১৯ খন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত ৪০ ...

August 1, 2025 8:21 PM August 1, 2025 8:21 PM

views 14

৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব

নির্বাচন আয়োগে অহা ৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব বুলি আজি ঘোষণা কৰিছে। নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনৰ বাবে অহা ৭ আগষ্টত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব। ২১ আগষ্টৰ ভিতৰত মনোনয়ন পত্র দাখিল কৰিব লাগিব আৰু প্ৰয়োজন হ'লে ৯ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিধি অনুযায়ী ভোটগ্রহণ সংসদ ভৱনত অনুষ্ঠিত হ'ব। লোকসভাৰ ৫৪২ গৰাকী নিৰ্বাচিত সাংসদ আৰু ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত সাংসদে এই নির্বাচনত অংশগ্রহণ কৰিব পাৰিব। সমানুপাতিক প্ৰতিনিধিত...

July 14, 2025 7:44 PM July 14, 2025 7:44 PM

views 29

বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে এবছুৰ স্মাৰক পত্ৰ দাখিল

নিৰ্বাচনী ব্যৱস্থা আৰু ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থা- এবছুৱে আজি ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক দুখন স্মাৰক পত্ৰ দাখিল কৰে। সংগঠনটোৱে ৰাজ্যিক নির্বাচন আয়োগক দাখিল কৰা স্মাৰক পত্ৰত বিটিচিৰ ভোটাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশৰ বাবে দাবী জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰদান কৰা আনখন স্মাৰক পত্ৰত এবছুৱে ন্যায়ালয়ৰ অধীনৰ নিযুক্তি পৰীক্ষাসমূহত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। উল্লেখযো...

June 27, 2025 12:32 PM June 27, 2025 12:32 PM

views 39

৩৪৫টা পঞ্জীয়নভুক্ত স্বীকৃতি বিহীন ৰাজনৈতিক দলৰ মর্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰত থকা ৩ শতাধিক ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰাৰ কাম আৰম্ভ কৰিছে। আয়োগে প্ৰথম পৰ্যায়ত ৩৪৫টা ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰিব আৰু পৰৱৰ্তী সময়তো এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে। আয়োগে কালি এই সন্দৰ্ভত সবিশেষ তথ্য সদৰী কৰে। বিগত ৬টা বছৰত যিবোৰ ৰাজনৈতিক দলে কোনো নির্বাচনতেই প্রতিদ্বন্দ্বিতা কৰা নাই, নাইবা দুই-এটা দলে প্রার্থী প্ৰক্ষেপ কৰিলেও সফলতা অৰ্জন কৰিব পৰা নাই, তেনে দলবোৰৰ স্বীকৃতি প্রথম পৰ্যায়ত বাতিল কৰিব। দেশৰ আটাইবোৰ ৰাজ্য আৰু ...

May 31, 2025 12:12 PM May 31, 2025 12:12 PM

views 51

ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। শ্ৰী শৰ্মাই ৬৫ বছৰ বয়সলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কালি এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ৰঞ্জন শৰ্মা অৱসৰৰ পাছত মুখ্যমন্ত্ৰী সচিবালয় আৰু ৰূপান্তৰ তথা উন্নয়ন বিভাগৰ বিশেষ আয়ুক্ত সচিব হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে আজি বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ কাৰ্যকালৰ অন্ত পৰিব।