January 24, 2026 9:09 PM

views 42

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল বিষয় হৈছে- মোৰ ভাৰত মোৰ ভোট। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা যুৱ প্ৰজন্মক ভোটাৰ ফটো পৰিচয় পত্ৰ প্ৰদান কৰিব। শ্রীমতী মুর্মুৱে বিভিন্ন শাখাৰ শ্ৰেষ্ঠ নির্বাচন বিষয়ক কামকাজৰ বঁটাসমূহ প্ৰদান কৰিব। অনুষ্ঠানত আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল, মুখ্য নির্বাচন আ...

January 24, 2026 12:09 PM

views 21

কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি ভাৰতীয় নির্বাচন আয়োগৰ

ভাৰতীয় নির্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াক কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বুথ স্তৰৰ বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আয়োগে মুখ্য কার্যবাহী বিষয়াসকললৈ লিখা এখন পত্রত উল্লেখ কৰিছে যে কৰ্তব্যত অৱহেলা বা গাফিলতি, দুর্ব্যৱহাৰ বা অসৎ আচৰণ, ইচ্ছাকৃতভাৱে নির্দেশনা পালন নকৰা বা জনপ্রতিনিধিত্ব আইন, ১৯৫০ আৰু নিৰ্বাচক পঞ্জীয়ন নিয়ম ১৯৬০ উলংঘা কৰা গোচৰত নিলম্বনকে ধৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব। চৰকাৰী কৰ্তব্য পালন কৰাৰ সময়ত বুথ পৰ...

January 21, 2026 12:11 PM

views 10

আজিৰে পৰা নতুন দিল্লীত গণতন্ত্র আৰু নিৰ্বাচন পৰিচালনা শীর্ষক আন্তঃৰাষ্ট্ৰীয় সম্মিলন

নির্বাচন আয়োগে নতুন দিল্লীত আজি আৰম্ভ হ'বলগীয়া গণতন্ত্র আৰু নিৰ্বাচন পৰিচালনা শীর্ষক আন্তঃৰাষ্ট্ৰীয় সম্মিলন ২০২৬ৰ অধ্যক্ষতা কৰিব। তিনিদিনীয়াকৈ আয়োজিত এই সম্মিলন গণতন্ত্র আৰু নির্বাচন পৰিচালনাৰ ক্ষেত্ৰত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সম্মিলন হ'ব। ৭০ খন দেশৰ প্ৰায় ১০০ গৰাকী প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্রহণ কৰিব। নির্বাচনী কাম-কাজ পৰিচালনা খণ্ডৰ ভালেমান আন্তঃৰাষ্ট্ৰীয় সংস্থা, ভাৰতত চলাই থকা বিদেশী বিভিন্ন অভিযানকাৰীৰ লগতে বিশেষজ্ঞসকলেও এই সন্মিলনত অংশগ্রহণ কৰিব। নির্বাচন আয়োগে ...

January 16, 2026 12:43 PM

views 18

গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি

ভাৰতীয় নির্বাচন আয়োগে গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। ভোটদাতাসকলে ১৯ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ যিকোনো দাবী বা আপত্তি দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে যে, মুখ্য নির্বাচনী বিষয়া তথা সংশ্লিষ্ট বিষয়াৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সংশোধিত তাৰিখৰ সিদ্ধান্ত লোৱা হয়।

December 27, 2025 6:12 PM

views 62

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে ২০২৬ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয়, যে যোৱা ২২ নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বি...

December 23, 2025 11:49 AM

views 14

বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নতুনকৈ ১,৮৩০টা ভোটগ্রহণ কেন্দ্ৰ স্থাপনত নিৰ্বাচন আয়োগৰ অনুমোদন

নির্বাচন আয়োগে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নতুনকৈ এহেজাৰ ৮৩০ টা ভোটগ্রহণ কেন্দ্র স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ৩১ হাজাৰ ৪৮৬ লৈ বৃদ্ধি পাব। ৰাজ্যিক নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৰ্বে ৰাজ্যখনত ২৯ হাজাৰ ৬৫৬ টা ভোটগ্রহণ কেন্দ্র আছিল। নির্বাচন আয়োগে দিয়া নিৰ্দেশনা অনুসৰি এটা ভোটগ্রহণ কেন্দ্ৰত এহেজাৰ ২০০ তকৈ অধিক ভোটদাতাই ভোটদান কৰিব নোৱাৰিব। এই নিৰ্দেশনামৰ্মে ৰাজ্যৰ নিৰ্বাচন বিভাগে ভোটগ্রহণ কেন্দ্ৰসমূহত নির্দিষ্ট সং...

November 29, 2025 10:35 PM

views 24

তিৰুৱন্তপুৰমত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মুখ্য নির্বাচনী বিষয়াৰ বৈঠক

■ মুখ্য নির্বাচনী বিষয়া ৰাথন ইউ কেলকাৰে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ অগ্রগতি পর্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰে। বিষয়াগৰাকীয়ে অৱগত কৰিছে যে তালিকাত থকা সকলো ভোটাৰৰ মাজত গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে, আৰু ইতিমধ্যে ৮৫% প্ৰ-পত্ৰৰ পূৰণ সম্পূৰ্ণ হৈছে। গণনা প্ৰ-পত্ৰ দাখিল কৰা সকলো ভোটাৰক খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। শ্রী কেলকাৰে লগতে কয় যে যিসকল ব্যক্তি ২০০২ চনৰ ভোটাৰ তালিকাৰ অংশ নাছিল, তেওঁলোকৰ বাবে নিৰ্বাচনী পঞ্জীয়ন বিষ...

November 28, 2025 9:42 PM

views 28

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পৰ্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত কৰা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হয়। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে চত্তিশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, লাক্ষ্যাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বী...

November 27, 2025 8:35 PM

views 22

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পর্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত হোৱাৰ লগতে আৰু ৯৯ দশমিক ২৫ শতাংশ প্র-পত্ৰ সামৰি লোৱা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে চত্তিশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পু...

November 18, 2025 8:43 PM

views 27

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায়ত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে। এই সংখ্যা দ্বিতীয় পৰ্যায়ৰ সামৰি লবলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৮ দশমিক ৫-৪ শতাংশ। দেশৰ ৯ খন ৰাজ্য আৰু ৩ টা কেন্দ্রীয় শাসিত অঞ্চলত যোৱা ৪ নৱেম্বৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছে। আয়োগে প্রকাশ কৰা মতে, উত্তৰ প্ৰদেশৰ ১৫ কোটিৰো অধিক আৰু পশ্চিমবংগত ৭ কোটিৰো অধিক প্ৰপত্র বিতৰণ কৰা হৈছে। ভোটাৰ তালিকাৰ ব...