March 30, 2024 10:13 PM

views 37

মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী আৰু ৰাভা ভাষাত শিক্ষা গ্ৰহণ কৰা সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা

মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী আৰু ৰাভা ভাষাত শিক্ষা গ্ৰহণ কৰা সন্দৰ্ভত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি বুনিয়াদী পৰ্যায়ত এই ৬টা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গণ্য কৰা হৈছে। সম্প্রদায় কেইটাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত সুবিধা হোৱাৰ বাবে এই ভাষাকেইটাক শিক্ষাৰ মাধ্যম হিচাপে অধিসূচনা জাৰি কৰা হৈছে ।