September 4, 2025 11:03 AM

views 32

২০২৫ বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ নাম ঘোষণা

● শিক্ষা বিভাগে ২০২৫ বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰিছে। কাইলৈ শিক্ষক দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰে। মাধ্যমিক শিক্ষাৰ ৮ গৰাকী আৰু প্ৰাথমিক শিক্ষাৰ ৭ গৰাকী কৃতি শিক্ষক-শিক্ষয়িত্ৰীৰ নাম কালি বঁটাৰ বাবে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয়, যে কৃতি শিক্ষক বাছন...

November 14, 2024 11:55 AM

views 28

বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫,২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫ হাজাৰ ২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ হোৱা ৫ হাজাৰ ৫৫০টা প্রাথমিক শিক্ষক পদ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি প্রক্রিয়া সম্পন্ন কৰাৰ পাছত মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষা বিভাগে ৯ হাজাৰ ৭১৭টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক স্তৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ পদত নিযুক্তিৰ বাবে আবেদনৰ সময় বৃদ্ধি কৰিছে। ...

August 13, 2024 1:19 PM

views 50

নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত আই আই টি গুৱাহাটীৰ সামগ্ৰিক শাখাত নৱম স্থান লাভ

■ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ কৰা তালিকাত অসমৰ শিক্ষানুষ্ঠানসমূহে আশানুৰূপ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এইক্ষেত্ৰত আই আই টি গুৱাহাটীয়ে সামগ্ৰিক শাখাত নৱম স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে ৫৭ সংখ্যক স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে বিগত বৰ্ষৰ ৮৮ সংখ্যক স্থানৰ পৰা ৫৭ সংখ্যক স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শাখাত ত্ৰয়োদশ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ইপিনে, ডিব্ৰুগড় বিশ্ববিদ্যাল...

July 15, 2024 10:22 AM

views 35

ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা এন টি এৰ

■ এন টি এ অর্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে স্নাতক পৰ্যায়ত নামভৰ্তিৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। এই পৰীক্ষা অহা ১৯ জুলাইত অনুষ্ঠিত হ'ব। সকলো ভুক্তভোগী পৰীক্ষাৰ্থীলৈ ই-মেইল যোগে এই খবৰ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলক প্ৰৱেশ-পত্ৰ শীঘ্ৰেই প্ৰদান কৰা হ'ব।

June 27, 2024 7:59 PM

views 38

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিখি অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰিব...

May 11, 2024 6:46 PM

views 39

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে। শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই সংবাদ মেলযোগে কয় যে ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া চলাই থকা হৈছে। আজি ফলাফল ঘোষণা কৰা হ'ব বুলি ওলোৱা জাননীখনক তেওঁ সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰিছে। ফলাফলক লৈ দুষ্টচক্ৰই চলোৱা অপপ্ৰচাৰত তেওঁ গৰিহণা দিয়ে। আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত স্থান থাকিব নে নাই, সেই সিদ্ধান্ত পৰীক্ষা সমিতিয়ে ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰ...

May 4, 2024 12:20 PM

views 37

২০ মে’ৰ পিছত ঘোষণা কৰা হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

♦ কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০ মে'ৰ পাছত ঘোষণা কৰা হ’ব। শুকুৰবাৰে চি বি এছ ইয়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে। এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ ফলাফল একেটা দিনতেই ঘোষণা কৰা হ’ব। পৰীক্ষাৰ ফলাফল চি বি এছ ইৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে এইবাৰৰ চি বি এছ ইব বোর্ড পৰীক্ষাত মুঠ ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

April 5, 2024 7:06 PM

views 63

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত সাল-সলনি

♦ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল-সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্রশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বহুবিকল্প থকা প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্রশ্নসমূহ পূৰ্বৰ ৪০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ২০২৪-২৫ শৈক্ষিক বৰ্ষত চমু তথা দীঘলীয়া উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ ৪০ শতাংশৰ পৰা ৩০ শ...

April 3, 2024 6:48 PM

views 44

বিদ্যালয়ৰ পাঠ্যপুথি সময়মতে যোগান ধৰাৰ বাবে এন চি ই আৰ টিয়ে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে

♦ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ এন চি ই আৰ টিয়ে প্ৰকাশ কৰিছে যে বিদ্যালয়ৰ পাঠ্যপুথিসমূহ সময়মতে যোগান ধৰাৰ বাবে পৰিষদে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে। পৰিষদে সকলো ছাত্ৰ-ছাত্ৰীক আৰু অভিভাৱকসকলক ধৈর্য ধৰাৰ লগতে ভয় নাখাবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে বহু ৰাজ্যত পৰিষদৰ কিতাপ উপলব্ধ নোহোৱা পৰিস্থিতিত এন চি ই আৰ টি কর্তৃপক্ষই এনেদৰে সঁহাৰি জনাইছে।

April 3, 2024 1:33 PM

views 90

অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব

♦ ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অনুমতিবিহীন শিক্ষানুষ্ঠানসমূহক নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিবলৈ এনে শিক্ষানুষ্ঠানসমূহক দৰ্পণ পোৰ্টেলৰ পৰা আতৰোৱা হ'ব বুলিও এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। অৱশ্যে যিবোৰ শিক্ষানুষ্ঠানে যাৱতীয় তথ্যৰ সৈতে অনুমতিৰ বাবে শিক্ষা সংসদত ইতিমধ্যে আবেদন জনাইছে, তেনে শিক্ষানুষ...