♦ কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০ মে’ৰ পাছত ঘোষণা কৰা হ’ব। শুকুৰবাৰে চি বি এছ ইয়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে। এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ ফলাফল একেটা দিনতেই ঘোষণা কৰা হ’ব। পৰীক্ষাৰ ফলাফল চি বি এছ ইৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে এইবাৰৰ চি বি এছ ইব বোর্ড পৰীক্ষাত মুঠ ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।
Assamese | May 4, 2024 12:20 PM | Assam Education | CBSE | Education Dept | India | India Govt.
২০ মে’ৰ পিছত ঘোষণা কৰা হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল