November 12, 2024 8:04 AM

views 26

নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৱে নৈশ ভোজৰ আয়োজন কৰে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত দেশৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে নৈশ ভোজৰ আয়োজন কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ, দেশৰ সদ্যবিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, দেশৰ উচ্চতম ন্যায়ালয়ৰ ভালেকেইগৰাকী ন্যায়াধীশ আৰু ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

November 12, 2024 8:01 AM

views 27

৩ দিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি তিনি দিনীয়া ভ্রমণসূচীৰে কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতিগৰাকীয়ে দমনৰ চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয় তথা ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্রতিষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ছিলভাছাত থকা নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীবৰ্গৰ সৈতে বাৰ্তালাপত ...

November 7, 2024 8:14 PM

views 22

ৰাষ্ট্ৰপতি মুৰ্মুৱে কাইলৈ কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব। কেন্দ্ৰীয় সতর্কতা আয়োগে চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই সপ্তাহ পালন কৰে। এইবেলি ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে সততাৰ সংস্কৃতিৰ মূল মন্ত্ৰৰে ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ এই সপ্তাহ পালন কৰা হয়।

November 7, 2024 8:11 PM

views 22

গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ কৰে। তেওঁ বিমানবাহী যুদ্ধ জাহাজখনত জাহাজৰ পৰিচালনা, যুদ্ধৰ কৌশল, ছাবমেৰিনৰ অভ্যাস আদিৰ লগতে যুদ্ধ বিমানৰ উৰণ আৰু অৱতৰণ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক নৌবাহিনীৰ বিমান ঘাটী ডাবলীমত আই এন এছ হংসত অভিবাদন জনোৱা হয়।

November 5, 2024 1:57 PM

views 25

ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছে। নতুন দিল্লীত আজি প্ৰথম এছিয় বৌদ্ধ শীৰ্ষ সন্মিলত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ প্ৰদৰ্শকসকলৰ মাজত ভগৱান বুদ্ধৰ অন্যন্য স্থান আছে। তেওঁ কয় যে বুদ্ধ গয়াৰ বোধিবৃক্ষৰ তলত সিদ্ধার্থ গৌতমে জ্ঞান লাভ কৰাটো ইতিহাসৰ অভূতপূৰ্ব ঘটনাৰূপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্ব সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত অস্তিত্বৰ সংকটত ভোগাৰ এই সময়...

October 26, 2024 9:13 PM

views 27

জনজাতীয় লোকসকল হৈছে প্ৰাকৃতিক জীৱনশৈলীৰ দ্বাৰা সঞ্চিত একোটা জ্ঞানৰ ভঁৰালঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রোপদী মুৰ্মুৱে কৈছে যে জনজাতীয় লোকসকল হৈছে প্ৰাকৃতিক জীৱনশৈলীৰ দ্বাৰা সঞ্চিত একোটা জ্ঞানৰ ভঁৰাল। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি ভিলাইৰ সমাবর্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে জনজাতীয় লোকসকলৰ জীৱনশৈলীৰ পৰা শিক্ষা লৈ যিকোনো লোকে দেশৰ বহনক্ষম উন্নয়নত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰে। তেওঁ কয় যে দেশৰ সম্পূৰ্ণ বিকাশ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া জনজাতীয় লোকসকলে উন্নয়নমূলক প্ৰক্ৰিয়াত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব। চত্তিশগড়ৰ ভূমি জনজাতীয় পৰম্পৰ...

October 22, 2024 3:24 PM

views 15

চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে, চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছে। তেওঁ কয় যে, ২০১৯ চনত এই মিছন আৰম্ভ কৰাৰ সময়ত গ্ৰাম্যাঞ্চলৰ মাত্ৰ...

October 22, 2024 7:58 AM

views 18

ৰাষ্ট্ৰপতি মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্ৰেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ –আদি ৯ টা শাখাত ৩৮টা বঁটা প্ৰদান কৰিব। শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত ওড়িশাই প্রথম, উত্তৰ প্রদেশে দ্বিতীয় আৰু গুজৰাট আৰু পুডুচেৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে চৰকাৰৰ জল সমৃদ্ধ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰা বা প্...

October 14, 2024 6:10 PM

views 18

ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৰ দ্বিপাক্ষিক বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে আলজেৰিয়ান-ভাৰত অর্থনৈতিক সন্মিলনতো অংশগ্ৰহণ কৰে। শ্রীমতী মুর্মু কালি আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আব্দেলমজিদ টেবুনে তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিগৰাকীয়ে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত যোৱা নিশা আলজেৰিয়াৰ ৰ...

October 12, 2024 4:38 PM

views 19

১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মৰ্মুৱে কাইলৈৰ পৰা ১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ'ব। এয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তিনিখন আফ্রিকান দেশ ভ্ৰমণ কৰা প্ৰথমটো যাত্ৰা ৷ ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্রিকান সংঘই জি-২০ত স্থায়ী সদস্য হিচাপে স্থান লাভ কৰাৰ এবছৰৰ পাছত কৰা এয়া হৈছে প্রথমটো ঐতিহাসিক যাত্ৰা। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ আলজেৰিয়াৰ ৰাষ্ট্ৰপতি আব্দেলমছজিদ টেবনৰ লগত দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতিয়ে ল...