February 10, 2025 8:30 PM

views 25

ৰাষ্ট্ৰপতি মুর্মুৱে কাইলৈ দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানি দিৱস পালন কৰা হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানি ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে।

February 10, 2025 5:01 PM

views 42

মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি মুৰ্মুৰ পূজা-অৰ্চনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰি পূজা-অৰ্চনা আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকী নাৱেৰে ত্রিবেণী সংগমত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৱে প্ৰয়াগৰাজৰ অক্ষয়া আৰু বড়ে হনুমান মন্দিৰতো পূজা-অৰ্চনা আগবঢ়ায়। তেওঁ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ ল'ব। এই সময়ছোৱাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাষ্ট্ৰপতিক সংগ দিয়ে। ইপিনে, মহাকুম্ভ মেলাত দর্শনাৰ্থী...

January 24, 2025 7:30 PM

views 24

ৰাষ্ট্ৰপতি মুৰ্মুৱে গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব

গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দীত দিয়া এই ভাষণৰ পাছতে ইয়াৰ ইংৰাজী ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ আটাইবোৰ কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ এই ভাষণ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা ৯.৩০ বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত কাইলৈ সন্ধিয়া সাত বাজি ১০ মিনিটত প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি নিশা ৭.৫০ মিনিটত প্ৰচাৰ কৰা হ'ব। ৭৬ সংখ্যক গণৰাজ্য দি...

January 9, 2025 4:08 PM

views 16

তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গভীৰ শোকপ্রকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এটা শোকবার্তাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়সকললৈ সমবেদনা প্রকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলক সম্ভা সকলো ধৰণৰ সহায় আগবঢ়াইছে। উল্লেখয...

December 13, 2024 5:15 PM

views 27

২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুমুৱে সুৰক্ষা কৰ্মীসকলৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰি কয়, যে তেওঁলোকে দেশবাসীক নিৰন্তৰভাৱে অনুপ্ৰাণিত কৰি আহিছে। ৰাষ্ট্ৰপতিয়ে লগতে এই ত্যাগৰ বাবে তেওঁলোকৰ ওচৰত দেশ সদায় কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সাহসী জোৱানসকলৰ ত্যা...

December 11, 2024 10:26 AM

views 29

ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। তৃণমূল পৰ্যায়ত প্ৰশাসন আৰু উন্নয়নত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এইবাৰ বিভিন্ন শিতানত মুঠ ৪৫ খন পঞ্চায়তক বাছনি কৰা হৈছে। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তলৈ আজি ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে শিশুৰ বাবে অনুকুল পঞ্চায়ত শীৰ্ষক বিষয়ত পঞ্চায়তখনে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আজি এই বঁটা প্ৰদান অনুষ্ঠানত বিভাগীয় কেন্দ্ৰী...

December 7, 2024 8:33 PM

views 22

উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে গৃহ জিলা ময়ূৰভঞ্জত জনজাতি গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, ৫২ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষ ১০০ খন বিচনাযুক্ত চিকিৎসালয় আৰু আন আন বিভিন্ন উন্নয়নমূলক প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। এই নতুন ৰে'লৱে লাইনকেইটাই বাংৰিপোচিৰ পৰা গৰুমাহিচানীক, বাদাম পাহাৰৰ পৰা কেন্দুঝাৰগড়ক আৰু বুদামাৰাৰ পৰা ছাকুলিয়াক সংযোজিত কৰিব। এই ৰে'লপথ...

December 6, 2024 2:46 PM

views 19

এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথ। তেওঁ কয়, যে নিয়োগ লাভ কৰাটোৱে কেৱল শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয় বৰং শিক্ষার্থীসকলে শিক্ষাৰ পৰা বহুল জ্ঞান আহৰণ কৰাটোহে প্রয়োজন। ওড়িশাৰ ময়ূৰভাঞ্জ জিলাৰ উপৰবেদ চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে কয়। শ্ৰীমতী মুর্মু ৫দিনীয়া ভ্রমণসূচীৰে ওড়িশালৈ গৈছে। ভ্ৰমণৰ অংশ হিচাপে কাইলৈ তেওঁ তিনিটা ৰে'ল লাইন উদ্বোধন কৰিব। তদুপৰি তেওঁ ...

December 3, 2024 4:43 PM

views 19

ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুর্মু

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে আজি সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ'ব। অন্যান্য কাৰ্যসূচীৰ লগতে তেওঁ কাইলৈ পুৰীৰ ব্লু ফ্লেগ বীচ্ছত ভাৰতৰ নৌ সেনা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভূবনেশ্বৰত উপস্থিত হোৱাৰ পাছতে শ্ৰীমতী মুর্মুৱে পণ্ডিত ৰঘুনাথ মুর্মুৰ নতুন প্ৰতিমূৰ্তিটো উন্মোচন কৰিব আৰু আদিম অৱাৰ জাৰপা জাহেৰ ভ্ৰমণ কৰিব। কাইলৈ পুৱা তেওঁ পুৰীত থকা দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিব। তদুপৰি পুৰীত তেওঁ গোপবন্ধু আয়ুৰ্বেদ মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনতো অংশগ...

November 20, 2024 9:06 PM

views 23

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ হায়দাবাদত কোটি দীপোৎসৱম-২০২৪ অনুষ্ঠানত অংশ ল'ব। পৰহিলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে হায়দাবাদত আয়োজিত লোক মন্থন-২০২৪ অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰিব।