April 9, 2025 8:18 AM

views 27

পৰ্টুগাল ভ্ৰমণ সামৰি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত ৰাষ্ট্ৰপতি মৰ্মু

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু তেওঁৰ পৰ্টুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত হৈছে। শ্ৰীমতী মুৰ্মুৱে আজি আৰু কাইলৈ দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্রধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি তেওঁৰ পৰ্টুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড়’ এগুয়াৰ ব্ৰাংকোৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বিগত ২৭ বছৰত এয়া আছিল ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো পৰ্টুগাল ভ্রমণ। ব...

April 5, 2025 3:45 PM

views 22

আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত সন্মতি দিছে। এই বিধেয়কখনৰ জৰিয়তে ভাৰতলৈ বিদেশী নাগৰিকৰ আব্ৰজন, প্ৰৱেশ তথা ইয়াত থকাৰ সম্পর্কিত বিষয়সমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ভাৰতত প্ৰৱেশ কৰাৰ পাৰপত্ৰ আইন-১৯২০, বিদেশী পঞ্জীয়ন আইন-১৯৩৯, বিদেশী আইন-১৯৪৬ আৰু আব্ৰজন আইন-২০০০ৰ সলনি এই আইনখন অনা হৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে সংসদত গৃহিত হোৱা এই বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়। এই আইনখনৰ জৰিয়তে আব্রজন সম্পৰ্কীয় নীতিসমূহ উন্নীত কৰিব বিচৰা হৈছে। এই আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰক...

March 20, 2025 4:12 PM

views 24

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত উদ্যম উৎসৱত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত আয়োজিত উদ্যম উৎসৱত অংশগ্ৰহণ কৰিব। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলিত মাহৰ ৩০ তাৰিখে সামৰণি পৰিবলগীয়া এই উৎসৱৰ জৰিয়তে দেশৰ ঐতিহ্যক নাগৰিকৰ ওচৰলৈ লৈ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ আৰু সৱলীকৰণৰ চেষ্টা কৰা হৈছে। অনুষ্ঠানত হস্তশিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন কৃষিভিত্তিক সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ উপৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ প্রযুক্তি, মহিলা উদ্যোগী, প...

March 11, 2025 5:09 PM

views 22

পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছে। তেওঁ কয়, যে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ জৰিয়তে দেশৰ বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটিছে। ভাটিন্দা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে আজি এইদৰে কয়। এনেধৰণৰ বিশ্ববিদ্যালয়সমূহ দেশৰ চহকী সংস্কৃতিৰ প্ৰতিনিদি বুলি উল্লেখ কৰি তেওঁ আশা প্রকাশ কৰে যে, এই বিশ্ববিদ্যালয়খন দেশৰ বৈচিত্ৰ্য, সংহতি আৰু পাৰদৰ্শিতাৰ অবিৰত প্ৰ...

March 8, 2025 4:01 PM

views 36

নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈ আহিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই এই দিৱস পালন কৰা হৈ আহিছে। তেওঁ কয়, যে দেশৰ ভগ্নী আৰু কন্যাসকলে সকলো বাধা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে আৰু চৰকাৰে নাৰীৰ অধিকাৰ, সমতা তথা সবলীকৰণক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দেশৰ প্ৰতিজন লোককে জীৱন যাত্ৰাত নাৰীসকলক সমর্থন কৰিবলৈ আৰু কোনো যাতে পিছপৰি নৰয় সেয়া নিশ্চিত কৰিবলৈ...

February 27, 2025 2:40 PM

views 27

একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ ৰাষ্ট্ৰপতি মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে। শ্ৰীমতী মুৰ্মুৱে আজি একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ কৰে। ইয়াৰ পাছত তেওঁ একতা নগৰত জংগল চাফাৰী কৰে। তেওঁ লগতে একতা নগৰত থকা একতা দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে। ভ্রমণসূচীৰ অংশ হিচাপে শ্ৰীমতী মুর্মু আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ ৪৪ সংখ্যক অভিৱৰ্তনত ভাগ লোৱাৰ কথা। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ গান্ধী নগৰত থকা ৰাষ্ট্ৰীয...

February 20, 2025 8:01 PM

views 28

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন ৰাজ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আছে বুলি উল্লেখ কৰে। জনসাধাৰণে এই অনবদ্য প্ৰাকৃতিক সম্পদ তথা সাংস্কৃকি ঐতিহ্যৰ সংৰক্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে দুয়োখন ৰাজ্যই বিকাশ আৰু প্ৰগতিৰ নতুন শিখৰ স্পর্শকৰাৰ কামনা কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়. সামাজিক মা...

February 14, 2025 8:50 PM

views 21

ৰাষ্ট্ৰপতি মুৰ্মুৰ কৰ্ণাটক ভ্ৰমণঃ দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটক ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুত দা আর্ট অব লিভিঙে আয়োজন কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাষণ প্রসঙ্গত শ্ৰীমতী মুর্মুৱে কয় যে প্ৰযুক্তিৰ দিশত বৰ্তমান সময় আগুৱাই গৈছে, ইয়াৰ মাজতে আমি আমাৰ মানৱীয় প্ৰমূল্যসমূহ জীয়াই ৰাখিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ঝাৰখণ্ডৰ ৰাঁছীত বি আই টি মেস্ৰাৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীত সম্বোধন কৰিব।

February 11, 2025 9:23 PM

views 21

ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছেঃ ৰাষ্ট্ৰপতি

ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছে। নতুন দিল্লীত আজি বিয়লি দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় য়ুনানী দিৱস সন্মিলন মুকলি কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয়, যে য়ুনানী চিকিৎসা এতিয়া গ্ৰীচ আৰু মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহতকৈও ভাৰততহে অধিক ব্যৱহাৰ হয়। তেওঁ কয়, যে দেশে স্বাস্থ্যৰ প্ৰতি সৰ্বাত্মক দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু যোগ্য সন্মান প্ৰদান কৰি ভিন ভিন চিকিৎসা পদ্ধতিসমূহ সৱল কৰি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। ৰাষ্ট্ৰীয় শি...

February 11, 2025 3:34 PM

views 28

ৰাষ্ট্ৰপতি মুৰ্মুৱে ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানি দিৱস পালন কৰা হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানি ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনে আলোচনা, সহযোগিতা আৰু জ্ঞান বিনিময়ৰ বাবে এখন মঞ্চ হিচাপে কাম কৰ...