July 24, 2025 9:19 PM

views 19

ৰাষ্ট্ৰপতি মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত শিল্পীৰ দলৰ সাক্ষাৎ‍

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি শিল্পীৰ এটা দলে ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ‍ কৰে। ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগৰ ২৯ জনীয়া শিল্পীৰ দলটোৱে যোৱা ১৪ জুলাইত আৰম্ভ হৈ আজি সমাপ্ত হোৱা কলা উৎসৱ ২০২৫ৰ দ্বিতীয় সংস্কৰণত অংশলগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰী মতী মুর্মুৱে শিল্পীসকলে এই সময়ছোৱাত সৃষ্টি কৰা চিত্ৰকলাসমূহৰ প্ৰদৰ্শনী প্ৰত্যক্ষ কৰে আৰু ছহৰাই, পাট্টাচিত্ৰ আৰু পাটুৱাকে ধৰি ভাৰতৰ পৰম্পৰাগত চিত্ৰকলাসমূহলৈ তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰে।

June 30, 2025 7:37 PM

views 26

অন্যান্য খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে আন আন খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ প্ৰদেশৰ বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰযুক্তিৰ ব্যৱহাৰে সমগ্ৰ দেশৰ পশু চিকিৎসালয়সমূহক সমৃদ্ধ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয়, যে কৃত্রিম বুদ্ধিমত্তা, তথ্যৰ বিশ্লেষণ আদিকে ধৰি বিভিন্ন পদ্ধতিয়ে পশু চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে...

June 23, 2025 8:32 PM

views 19

দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি কৰে। উল্লেখযোগ্য যে এইটো সংকলনত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ২০২৪ চনৰ জুলাই মাহলৈকে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰদান কৰা ভাষণসমূহক লিপিবদ্ধ কৰি গ্ৰন্থৰ ৰূপ দিয়া হৈছে। আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানো উপস্থিত থাকে। গ্ৰন্থখন মুকলি কৰি প্ৰতিৰক্ষা ...

May 27, 2025 2:18 PM

views 19

ৰাষ্ট্ৰপতি মুৰ্মুৱে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী- এই তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয় ৷ এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁট...

May 5, 2025 2:21 PM

views 24

ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা তৰ্পণ কৰে। উল্লেখযোগ্য যে ১৯১৬ চনৰ আজিৰ দিনটোতেই পাঞ্জাবৰ ফডিকোট জিলাত জন্মগ্ৰহণ কৰা গিয়ানী জেইল সিঙে ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈকে দেশৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াইছিল।

April 26, 2025 9:11 PM

views 23

পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন কৰা হয়। বিভিন্ন ৰীতি-নীতিৰে সম্পন্ন হোৱা দুঘণ্টাজোৰা এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্রপ্রধানসহ ২.৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ যোৱা ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে ২২, ২৩ এপ্ৰিল আৰু আজি ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণ...

April 26, 2025 8:14 PM

views 27

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন হয়। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১.৩০ বজাত আৰম্ভ হোৱা শেষযাত্ৰাত ২ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শেষকৃত্য কাৰ্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প, ফ্ৰান্...

April 23, 2025 9:05 PM

views 15

ৰাষ্ট্ৰপতি মুৰ্মুৰ অসম ভ্রমণ বাতিল

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অসম ভ্রমণ বাতিল কৰা হৈছে। ৰাজ্যত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰাৰ কথা আছিল। ২৫ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কাৰ্যসূচীও পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অনিবার্য কাৰণবশত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে একেটা দিনতে ৰাষ্ট্ৰপত...

April 22, 2025 10:11 AM

views 22

ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৫ এপ্ৰিলত নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৫ এপ্রিলত পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰেণ্য নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। যোৱা বছৰৰ ২১ আগষ্টত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকে ড° মানসিঙক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে ১৯৮৬ চনত সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদি ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আ...

April 11, 2025 6:16 PM

views 28

ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্লভাকিয়া ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ শ্লভাকিয়া ভ্ৰমণ সফলভাৱে সমাপ্ত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বিভিন্ন দিশত ঐতিহাসিক আছিল বুলি বিদেশ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিণী আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়৷ শ্লভাকিয়াৰৰ কনষ্টেনটাইন দ্যা ফিল’চফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰ...