April 22, 2025 10:11 AM April 22, 2025 10:11 AM

views 12

ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৫ এপ্ৰিলত নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৫ এপ্রিলত পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰেণ্য নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। যোৱা বছৰৰ ২১ আগষ্টত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকে ড° মানসিঙক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে ১৯৮৬ চনত সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদি ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আ...

April 11, 2025 6:16 PM April 11, 2025 6:16 PM

views 14

ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্লভাকিয়া ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ শ্লভাকিয়া ভ্ৰমণ সফলভাৱে সমাপ্ত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বিভিন্ন দিশত ঐতিহাসিক আছিল বুলি বিদেশ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিণী আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়৷ শ্লভাকিয়াৰৰ কনষ্টেনটাইন দ্যা ফিল’চফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰ...

April 9, 2025 8:18 AM April 9, 2025 8:18 AM

views 16

পৰ্টুগাল ভ্ৰমণ সামৰি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত ৰাষ্ট্ৰপতি মৰ্মু

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু তেওঁৰ পৰ্টুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত হৈছে। শ্ৰীমতী মুৰ্মুৱে আজি আৰু কাইলৈ দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্রধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি তেওঁৰ পৰ্টুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড়’ এগুয়াৰ ব্ৰাংকোৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বিগত ২৭ বছৰত এয়া আছিল ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো পৰ্টুগাল ভ্রমণ। ব...

April 5, 2025 3:45 PM April 5, 2025 3:45 PM

views 8

আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত সন্মতি দিছে। এই বিধেয়কখনৰ জৰিয়তে ভাৰতলৈ বিদেশী নাগৰিকৰ আব্ৰজন, প্ৰৱেশ তথা ইয়াত থকাৰ সম্পর্কিত বিষয়সমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ভাৰতত প্ৰৱেশ কৰাৰ পাৰপত্ৰ আইন-১৯২০, বিদেশী পঞ্জীয়ন আইন-১৯৩৯, বিদেশী আইন-১৯৪৬ আৰু আব্ৰজন আইন-২০০০ৰ সলনি এই আইনখন অনা হৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে সংসদত গৃহিত হোৱা এই বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়। এই আইনখনৰ জৰিয়তে আব্রজন সম্পৰ্কীয় নীতিসমূহ উন্নীত কৰিব বিচৰা হৈছে। এই আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰক...

March 20, 2025 4:12 PM March 20, 2025 4:12 PM

views 15

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত উদ্যম উৎসৱত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত আয়োজিত উদ্যম উৎসৱত অংশগ্ৰহণ কৰিব। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলিত মাহৰ ৩০ তাৰিখে সামৰণি পৰিবলগীয়া এই উৎসৱৰ জৰিয়তে দেশৰ ঐতিহ্যক নাগৰিকৰ ওচৰলৈ লৈ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ আৰু সৱলীকৰণৰ চেষ্টা কৰা হৈছে। অনুষ্ঠানত হস্তশিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন কৃষিভিত্তিক সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ উপৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ প্রযুক্তি, মহিলা উদ্যোগী, প...

March 11, 2025 5:09 PM March 11, 2025 5:09 PM

views 13

পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছে। তেওঁ কয়, যে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ জৰিয়তে দেশৰ বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটিছে। ভাটিন্দা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে আজি এইদৰে কয়। এনেধৰণৰ বিশ্ববিদ্যালয়সমূহ দেশৰ চহকী সংস্কৃতিৰ প্ৰতিনিদি বুলি উল্লেখ কৰি তেওঁ আশা প্রকাশ কৰে যে, এই বিশ্ববিদ্যালয়খন দেশৰ বৈচিত্ৰ্য, সংহতি আৰু পাৰদৰ্শিতাৰ অবিৰত প্ৰ...

March 8, 2025 4:01 PM March 8, 2025 4:01 PM

views 9

নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈ আহিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই এই দিৱস পালন কৰা হৈ আহিছে। তেওঁ কয়, যে দেশৰ ভগ্নী আৰু কন্যাসকলে সকলো বাধা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে আৰু চৰকাৰে নাৰীৰ অধিকাৰ, সমতা তথা সবলীকৰণক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দেশৰ প্ৰতিজন লোককে জীৱন যাত্ৰাত নাৰীসকলক সমর্থন কৰিবলৈ আৰু কোনো যাতে পিছপৰি নৰয় সেয়া নিশ্চিত কৰিবলৈ...

February 27, 2025 2:40 PM February 27, 2025 2:40 PM

views 13

একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ ৰাষ্ট্ৰপতি মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে। শ্ৰীমতী মুৰ্মুৱে আজি একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ কৰে। ইয়াৰ পাছত তেওঁ একতা নগৰত জংগল চাফাৰী কৰে। তেওঁ লগতে একতা নগৰত থকা একতা দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে। ভ্রমণসূচীৰ অংশ হিচাপে শ্ৰীমতী মুর্মু আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ ৪৪ সংখ্যক অভিৱৰ্তনত ভাগ লোৱাৰ কথা। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ গান্ধী নগৰত থকা ৰাষ্ট্ৰীয...

February 20, 2025 8:01 PM February 20, 2025 8:01 PM

views 13

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন ৰাজ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আছে বুলি উল্লেখ কৰে। জনসাধাৰণে এই অনবদ্য প্ৰাকৃতিক সম্পদ তথা সাংস্কৃকি ঐতিহ্যৰ সংৰক্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে দুয়োখন ৰাজ্যই বিকাশ আৰু প্ৰগতিৰ নতুন শিখৰ স্পর্শকৰাৰ কামনা কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়. সামাজিক মা...

February 14, 2025 8:50 PM February 14, 2025 8:50 PM

views 8

ৰাষ্ট্ৰপতি মুৰ্মুৰ কৰ্ণাটক ভ্ৰমণঃ দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটক ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুত দা আর্ট অব লিভিঙে আয়োজন কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাষণ প্রসঙ্গত শ্ৰীমতী মুর্মুৱে কয় যে প্ৰযুক্তিৰ দিশত বৰ্তমান সময় আগুৱাই গৈছে, ইয়াৰ মাজতে আমি আমাৰ মানৱীয় প্ৰমূল্যসমূহ জীয়াই ৰাখিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ঝাৰখণ্ডৰ ৰাঁছীত বি আই টি মেস্ৰাৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীত সম্বোধন কৰিব।