November 20, 2025 4:07 PM

views 29

৩ দিনীয়া ভ্ৰমণসূচীৰে চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মুৱে তেলেংগানাৰ চিকন্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ ২০২৫ মুকলি কৰিব। ভাৰতীয় কলা মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ চহকী সাংস্কৃতিক ৰন্ধন আৰু কলাত্মক পৰম্পৰাৰ বিষয়ে আলোকপাত ক...

November 19, 2025 9:59 PM

views 25

ডিজিটেল ইণ্ডিয়া এক প্ৰকাৰৰ ৰূপান্তৰকাৰী উদ্যম আৰু এই উদ্যমে জনসাধাৰণৰ বাবে প্ৰযুক্তি সহজলভ্য কৰি তুলি অগণন সুযোগৰ দুৱাৰ মুকলি কৰিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ডিজিটেল ইণ্ডিয়া এক প্ৰকাৰৰ ৰূপান্তৰকাৰী উদ্যম আৰু এই উদ্যমে জনসাধাৰণৰ বাবে প্ৰযুক্তি সহজলভ্য কৰি তুলি অগণন সুযোগৰ দুৱাৰ মুকলি কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পঞ্চম বার্ষিক সমাৱৰ্তন সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলোকে সমান সুযোগ প্রদান কৰাৰ উদ্দেশ্যে দ্রুত ইণ্টাৰনেট সেৱা আৰু শেহতীয়া প্ৰযুক্তি দূৰণিবটীয়া এলেকালৈ লৈ যোৱা হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ লেখিয়া প্রতিষ্ঠানসমূহে আদর্শ ডিজি...

November 10, 2025 7:44 PM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশখনৰ এছেম্বলিত ভাষণ দিয়াটো তেওঁৰ বাবে গৌৰৱৰ কথা। এংগোলাৰ এছেম্বলি তথা ইয়াৰ প্ৰতিনিধিসকল তথা দেশখনৰ স্বাধীনতা সংগ্ৰামে শান্তি আৰু গণতন্ত্ৰলৈ পৰ্যবেক্ষিত হোৱাটো দেশখনৰ বাবে এটা প্রশংসনীয় যাত্ৰা বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ভাৰত আৰু এংগোলাৰ মাজৰ কূটনৈতিক সম্বন্ধৰ ৪০ বছৰ হোৱা উপলক্ষে দেশখনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ তেওঁক আমন্ত্ৰণ কৰাৰ বাব...

November 10, 2025 6:10 PM

views 25

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব। শ্রীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ সৈতে হোৱা আলোচনাত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ হিচাপে ভাৰতে এংগোলাৰ সৈতে সংসদীয় সহযোগিতা বৃদ্ধি কৰাৰ আশা কৰিছে বুলি উল্লেখ কৰে। তেওঁ গণতান্ত্রিক প্রতিষ্ঠানসমূহে নিজৰ নিজৰ অভিজ্ঞতাসমূহ পাৰস্পৰিক বিনিময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ...

November 4, 2025 3:31 PM

views 31

নেইনিতালৰ কেইঞ্চি ধামত অৱস্থিত নীম কৰ’লী বাবাৰ আশ্ৰম দৰ্শন ৰাষ্ট্ৰপতি মুৰ্মুৰ

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি পুৱা নেইনিতালৰ কেইঞ্চি ধামত অৱস্থিত নীম কৰ’লী বাবাৰ আশ্ৰম দৰ্শন কৰিব। শ্রীমতী মুৰ্মুৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আন ভক্তসকলক দিনৰ ১২ বজাৰ পাছত আশ্ৰম দৰ্শনৰ বাবে আহিবলৈ আশ্ৰম পৰিচালনা কৰ্তৃপক্ষই ইতিমধ্যে আহ্বান জনাইছে। তিনিদিনীয়া উত্তৰাখণ্ড ভ্রমণসূচীৰে ৰাষ্ট্ৰপতিগৰাকী কালি নেইনিতালত উপস্থিত হৈছে আৰু আজি তেওঁ কুমাউ বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব।

October 27, 2025 7:36 PM

views 59

প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ পুষ্পার্ঘ্য অর্পণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ প্ৰতি পুষ্পার্ঘ্য অর্পণ কৰে।

October 24, 2025 9:12 PM

views 34

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলৰ সক্ৰিয় অংশগ্রহণ জৰুৰীঃ ৰাষ্ট্ৰপতি

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলৰ সক্ৰিয় অংশগ্রহণ জৰুৰী বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে মন্তব্য কৰিছে। কেৰালাৰ এনাকুলামত আজি ছেইণ্ট টেৰেছা মহাবিদ্যালয়ৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মৱে কয় যে মহিলাৰ নেতৃত্বৰ সমাজ অধিক মানৱীয় আৰু ফলপ্ৰসূ হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত ৰাষ্ট্রগঠন আৰু আৰ্থসামাজিক সংস্কাৰৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰা কেৰালাৰ মহিলাসকলৰ কথা স্মৰণ কৰে। বিগত কেইবা দশকো ধৰি মহিলাসকল...

October 17, 2025 12:37 PM

views 31

ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীত আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত হ'বলগীয়া আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ আধাৰত এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী জনমন আৰু ধৰতী আবা অভিযানৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্যিক সচিব, জিলা দণ্ডাধীশ, মূল প্রশিক্ষক আৰু দেশৰ বিভিন্ন প্ৰান্তৰ আদি সহযোগী প্রতিনিধিসকলে ভাগ ল'ব। এই সন্...

October 13, 2025 8:24 PM

views 30

ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অংশ হিচাপে এই দলটোৱে ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰে। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখ্না আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। কেন্দ্রীয় অসামৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে তেখেতক বিমান বন্দৰত আদৰণি জনায়। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত দেশখনৰ কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বি...

October 2, 2025 6:58 PM

views 30

ৰাষ্ট্ৰপতি মু্ৰ্মুৱে লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব

■ সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে বিজয়া দশমী আৰু দশেৰা উদযাপন কৰিবলৈ লোৱা হৈছে। আজিৰ দিনটোৱেই নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সামৰণিৰ দিন। ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ সৈতে সংগতি ৰাখি অশুভৰ বিৰুদ্ধে শুভ শক্তিৰ জয় সূচক উৎসৱ হিচাপে দশেৰা উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মু্ৰ্মুৱে দিল্লীৰ লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰামলীলা সমিতিয়ে সুকীয়াকৈ আয়োজন কৰা অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। পূৱ দিল্লীৰ পটপৰগঞ্জ...