November 27, 2025 2:21 PM November 27, 2025 2:21 PM
10
সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছেঃ ৰাষ্ট্ৰপতি
সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত চাণক্য প্ৰতিৰক্ষা আলোচনা-২০২৫ত দিয়া ভাষণত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো সুৰক্ষা প্ৰত্যাহ্বানৰ সময়ত সশস্ত্র বাহিনীসমূহে অভূতপূর্ব অভিযোজ্যতা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰি আহিছে। তেওঁ লগতে অলপতে চলোৱা অপাৰেচন সিন্দূৰৰ সাফল্য দেশৰ সন্ত্ৰাস প্ৰতিৰোধী ৰণকৌশলৰ বাবে নির্ণায়ক ক্ষণ বুলি অভিহিত কৰে। শ্রীমতী মুৰ্মুৱে কয়, য...