November 7, 2025 11:12 AM

views 46

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে কাইলৈ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব কাইলৈ নিশা আকাশবাণীৰ ষ্টুডিঅ'। কাইলৈ নিশা ৮ বাজি ২ মিনিট...

May 24, 2025 12:38 PM

views 39

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল’ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

May 10, 2025 11:41 AM

views 21

আকাশবাণী গুৱাহাটীত আজি নিশা ৮.২০ বজাত ‘অপৰাচেন সিন্দূৰ’ সম্পৰ্কত বিশেষ দৃষ্টিপাত অনুষ্ঠান

সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপৰাচেন সিন্দূৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰিবলগীয়া বিশেষ দৃষ্টিপাত অনুষ্ঠানৰ প্ৰথম অংশ আজি নিশা ৮ বাজি ২০ মিনিটৰ পৰা ৮ বাজি ৪৫ মিনিটলৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গ্রুপ কেপ্টেইন দেৱানন্দ গোহাঁই, অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচাৰ্য আৰু জ্যেষ্ঠ নাগৰিক তথা আকাশবাণীৰ প্রাক্তন ঘোষক কীর্তিকমল ভূঞাই এই অভিযান আৰু যুদ্ধকালীন সময়ত জনসাধাৰণৰ কৰণীয় সম্পৰ্কত মন্তব্য আগবঢ়াব...

May 4, 2025 12:19 PM

views 31

আবৃত্তিৰ বিশ্বজনীন ধাৰাৰ লগতে অসমীয়া আবৃত্তিৰ স্বকীয় ধাৰা এটা অব্যাহত ৰখাত শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীৰ গুৰুত্ব আৰোপ

আকাশবাণীযোগে প্ৰচাৰিত অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত অনুষ্ঠানত কালি কেবাগৰাকীও আবৃত্তিকাৰে আবৃত্তিক বিদ্যায়তনিক দিশত তথা পৰিবেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে আবৃত্তিয়ে কিদৰে ধ্ৰুপদী অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুন্ন ৰাখিব সেই বিষয়ে প্ৰকাশ কৰে। আবৃত্তিকাৰ জুলিয়ানা বেগমে অসম...

May 3, 2025 12:18 PM

views 34

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

● অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 21, 2025 12:14 PM

views 41

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘দৃষ্টিপাত’ত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰে মত বিনিময়ৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাতত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰ সৈতে মত বিনিময়ৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 13, 2025 6:57 PM

views 35

আকাশবাণী গুৱাহাটী কেন্দ্রৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘মই ৰেডিঅ’ কিয় শুনো’ শীর্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্রই শনিবাৰে নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত মই ৰেডিঅ' কিয় শুনো শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্রত্যাশা সম্পর্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাতো অনাতাঁৰ মাধ্যম সম্পৰ্...