ডাউনলোড
মোবাইল এপ

android apple
signal

আকাশবাণী গুৱাহাটীত আজি নিশা ৮.২০ বজাত ‘অপৰাচেন সিন্দূৰ’ সম্পৰ্কত বিশেষ দৃষ্টিপাত অনুষ্ঠান

সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপৰাচেন সিন্দূৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰিবলগীয়া বিশেষ দৃষ্টিপাত অনুষ্ঠানৰ প্ৰথম অংশ আজি নিশা ৮ বাজি ২০ মিনিটৰ পৰা ৮ বাজি ৪৫ মিনিটলৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গ্রুপ কেপ্টেইন দেৱানন্দ গোহাঁই, অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচাৰ্য আৰু জ্যেষ্ঠ নাগৰিক তথা আকাশবাণীৰ প্রাক্তন ঘোষক কীর্তিকমল ভূঞাই এই অভিযান আৰু যুদ্ধকালীন সময়ত জনসাধাৰণৰ কৰণীয় সম্পৰ্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানৰটোৰ পৰৱৰ্তী অংশ কাইলৈ নিশা একে সময়তে শুনিবলৈ পাব। এই অনুষ্ঠানৰ উপস্থাপন, পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠান সূচীৰ জৰুৰী পৰিৱৰ্তনৰ বাবে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত প্ৰচাৰিত হ’বলগীয়া সংবাদ চলন্তিকা প্রচাৰিত নহয়।

অধিক পঢ়ক

সকলো চাওক