December 8, 2025 12:05 PM

views 14

ভাৰতে বিশ্ব ঐতিহ্যক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আবাসভূমি হোৱা স্বত্বেও আমাৰ দেশে বিশ্বৰ বিভিন্ন ঐতিহ্যক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। নতুন দিল্লীত অনুষ্ঠিত বিংশ সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা শীর্ষক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে এইদৰে প্রকাশ কৰে। এই অনুষ্ঠানতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে বিমূর্ত ঐহিত্যক সুৰক্ষিত কৰাৰ বাবে লোৱা ভাৰতৰ প্রচেষ্টাক প্রশংসা কৰে। পৰম্পৰা, ভাষা আৰু উৎসৱসমূহ সকলোৰে আৰু ইয়াক সকলোৱে ৰক্ষণাবেক্ষণ দি অহাৰ লগতে প্রতিটো প্ৰজন্মই সমৃদ্...

October 10, 2025 8:49 PM

views 32

নতুন দিল্লীত আজি ড° জয়শংকৰ আৰু আমিৰ খান মুট্টাকীৰ মাজত আলোচনা

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী ড০ এছ জয়শংকৰে যোৱা ২২ এপ্রিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ আফগানিস্তানৰ শলাগ লৈছে। নতুন দিল্লীত আজি ড০ জয়শংকৰ আৰু আফগানিস্তানৰ মৌলবী আমিৰ খান মুট্টাকীৰ মাজত হোৱা আলোচনাত অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত এই কথা প্রকাশ কৰা হয়। দুয়োপক্ষই লগতে অঞ্চলটোত শান্তি, সুস্থিৰতা আৰু পাৰস্পৰিক আস্থাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই পৰস্পৰৰ সাৰ্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাৰ প্ৰতি সম্মান প্রদর্শনৰ বিষয়তো গুৰুত্ব দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ জয়শংকৰে ল...

October 3, 2025 12:30 PM

views 24

এয়াৰবাছ আৰু ইণ্ডিগ’ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড° এছ জয়শংকৰ আৰু ৰাম মোহন নাইডুৰ বৈঠক

 বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপু কালি নতুন দিল্লীত এয়াৰবাছ আৰু ইণ্ডিগ'ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়। ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ড শক্তিশালী কৰাৰ লগতে ভাৰত আৰু ইউৰোপৰ মাজত অর্থনৈতিক সম্পর্ক সুদঢ় কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম উন্নয়নৰ সৈতে সংগতি ৰাখি বৈঠকত প্ৰযুক্তি হস্তান্তৰ, উৎপাদন অংশীদাৰিত্ব আৰু সেউজ বিমান পৰিবহণকে ধৰি বিভিন্ন ক্ষেত্ৰসমূহৰ বিষয়েও আল...

July 15, 2025 11:33 AM

views 16

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ভাৰত আৰু চীনৰ সীমান্তত অৱস্থিত নদীসমূহৰ ক্ষেত্ৰত সহযোগিতা আৰু চীনৰ অংশত থকা ইয়াৰ জলভাগৰ তথ্য ভাৰতক অৱগত কৰোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বেইজিঙত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত কালি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ উপস্থিতিত ড° জয়শংকৰে এই মন্তব্য প্ৰকাশ কৰে। এই বৈঠকতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ পথত থকা বাধাসমূহ আঁতৰোৱাৰ সন্দৰ্ভতো আলোচনা কৰে। ড° জয়শংকৰে সীমান্তত বিৰাজ কৰা শান্তিয়ে ভাৰত আৰু চীনৰ মাজত দ্বিপাক্...

July 14, 2025 8:36 PM

views 18

ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

 ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ উপস্থিতিত বেইজিঙত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে। শ্ৰীজয়শংকৰে কয়, যে দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত বিগত ৯ মাহত যথেষ্ট অগ্রগতি লাভ কৰিছে। তেওঁ কয় যে সীমান্তৰ উত্তেজনা হ্ৰাস কৰি শান্তি স্থাপন কৰাৰ ফলতেই দুয়োদেশৰ সম্পৰ্কই এই অগ্রগতি লাভ কৰিছে। ড° জয়শংকৰে পাৰস্পৰিক কৌশলগত বুজাবুজি আৰু দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ ক্ষেত্ৰত এই অগ্ৰগতিত গুৰুত্ব প...

May 20, 2025 12:59 PM

views 19

নেডাৰলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক

ইউৰোপৰ ত্ৰিদেশীয় ভ্রমণসূচীৰে সম্প্ৰতি নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত থকা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কেছপাৰ ভেল্ডকাঁম্পৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা পষ্টত ড০ জয়শংকৰে আলোচনাত ইউৰোপীয় সংঘৰ সৈতে থকা বিভিন্ন সম্পৰ্কৰ লগতে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ সম্পৰ্কত বিভিন্ন বিষয়ে আগস্থান পাই বুলি প্ৰকাশ কৰে। শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক নেডাৰলেণ্ডছে কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সন্ত্...

March 11, 2025 1:04 PM

views 25

ভাৰত আৰু আর্মানিয়াৰ মাজত এটা দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক আছে বুলি ড° এছ জয়শংকৰে প্ৰকাশ

ভাৰত আৰু আর্মানিয়াৰ মাজত এটা দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আর্মানিয়াৰ বৈদেশিক মন্ত্ৰী অৰাৰত মির্জয়ানৰ সৈতে হোৱা এখন বৈঠকত ড° জয়শংকৰে কয়, যে উভয় দেশৰ মাজত থকা দ্বি-পাক্ষিক বাণিজ্য আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি পাইছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় বিগ কেট মিত্রজোঁটত অন্তৰ্ভুক্ত হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আর্মানিয়াৰ প্ৰথমখন বাতৰি কাকত ভাৰতত প্ৰকাশিত হৈছে।

March 8, 2025 7:04 PM

views 16

উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকেৰ যোৱা নিশা উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি কৰে। অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয়, যে এই দূতাবাসটোৱে ভাৰতীয় সম্প্ৰদায়ৰ প্রয়োজনীয় সেৱাসমূহ পূৰ কৰাত সহায়ক হ'ব। তেওঁ লগতে কয়, যে বেলফাষ্টৰ এই দূতাবাসটোৱে ভাৰত আৰু আয়াৰেলণ্ডৰ মাজত বাণিজ্য, প্রযুক্তি, ব্যৱসায় আৰু শিক্ষা ক্ষেত্ৰৰ ভৱিষ্যতেও দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনা মুকলি কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উত্তৰ আয়ালেণ্ডৰ উপ প্রধানমন্ত্রী এম লিটন পেংগলী আৰু কনিষ্ঠ মন্ত্ৰী এইছলিঙ ৰেই...

March 6, 2025 6:53 PM

views 22

ব্ৰিটেইন ভ্ৰমণৰ সময়ত চৰমপন্থীয়ে নিৰাপত্তা ব্যৱস্থাৰ উলংঘন কৰা বিষয়টোৰ কঠোৰ ভাষাৰে সমালোচনা ড° জয়শংকৰৰ

ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত চৰমপন্থীয়ে নিৰাপত্তা ব্যৱস্থাৰ উলংঘন কৰা বিষয়টোৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত এই কাৰ্য চমপন্থীসকলৰ ক্ষুদ্ৰ গোটৰ কাৰ্য বুলি উল্লেখ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে ভাৰতে এই কাৰ্যৰ নিন্দা কৰিছে আৰু এনেধৰণৰ গোটসমূহে গণতান্ত্রিক স্বতন্ত্ৰতাৰ অপব্যৱহাৰ কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এনেক্ষেত্ৰত ব্ৰিটেইন চৰকাৰে নিজৰ কূটনৈতিক দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

March 5, 2025 12:33 PM

views 29

লণ্ডনৰ 10 Downing Street ত ব্ৰিটেইনৰ প্রধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কালি লণ্ডনৰ 10 Downing Street ত ব্ৰিটেইনৰ প্রধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। এই সাক্ষাতকালত ড° জয়শংকৰে দ্বিপাক্ষিক অর্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক সাক্ষাৎ কৰি আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে শ্ৰী ষ্টাৰাৰে ইউক্রেইন সংঘৰ্ষৰ বিষয়ত ব্ৰিটেইনৰ দৃষ্টিভংগী সন্দৰ্ভতো আলোকপাত কৰে। ইয়াৰ পাছত তেওঁ ব্ৰিটেইনৰ বিদেশ সচিব ডেভিড ...