May 24, 2025 11:58 AM

views 24

প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। সমগ্র শিক্ষা অসমৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয়।   এই বৈঠকতে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ প্ৰণয়ন আৰু বিতৰণৰ পৰিকল্পনা তথা সময়সীমা নিৰ্ধাৰণ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে বিনামূলীয়া পাঠ্যপুথিৰ সবিশেষ ...

April 22, 2025 9:00 PM

views 34

ধেমাজিত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত ৰাজহুৱা সভা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত আজি ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ প্ৰাক্তন খেলুৱৈ, প্ৰশিক্ষক তথা ক্ৰীড়া অনুৰাগীসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ খেলুৱৈসকলৰ প্রতিভা বিকাশৰ লগতে শক্তিশালী ক্রীড়া আন্তঃগাথনি গঢ়ি তোলা আৰু নিয়মিতভাৱে ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয়।

April 20, 2025 7:15 PM

views 71

ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যান  মুকলি

ধেমাজি জিলাৰ কুলাজানত ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জোনাইৰ বিধায়ক ভূৱন পেগুৱে আজি এই প্ৰতিমূৰ্তি আৰু উদ্যানখন উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী তথা ধেমাজিৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জননেতাগৰাকীৰ বহুমূলীয়া অৱদানক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে জননেতাগৰাকীৰ আদৰ্শ চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে ২০২১ চনৰ পৰা প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতি উদ্যানৰ ন্...

April 11, 2025 7:57 PM

views 35

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শুভেচ্ছা জ্ঞাপন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত এখন সংবাদমেলত অংশ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যালোচনাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে চাহ জনজাতি অঞ্চল, অনুসূচীত জাতি- জনজাতি অঞ্চলসমূহত ফলাফল আশাপ্রদ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।

April 3, 2025 7:54 PM

views 32

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত মেধাৱী শিক্ষার্থীক টেবলেট বিতরণ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। আৰোহণ আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক শৈক্ষিক কাম-কাজত সহায় কৰাৰ বাবে কালি টেবলেটসমূহ বিতৰণ কৰা হয়। এম ডি এম ছফ্টৱেৰৰ যোগেদি নিয়ন্ত্রিত হ'বলগীয়া এই টেবলেটসমূহত সামাজিক মাধ্যমৰ এপসমূহ বন্ধ কৰি ৰখা হৈছে। কালিব এই অনুষ্ঠানত শিক্ষাম...

March 23, 2025 7:17 PM

views 24

ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ  পকী দলঙৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আজি আধাৰশিলা স্থাপন কৰে। বিশ্ববেংকৰ পুঁজিৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত ৪ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা পকী দলংখনে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ লোকৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে।

March 16, 2025 8:54 PM

views 13

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতা সংগ্রামত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলো অন্যতম আছিল বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ১৮৫৪ চনত ব্ৰিটিছ চৰকাৰে ডিমাচা কছাৰী ৰাজ্য দখল কৰাৰ পাছত বীৰগৰাকীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ...

March 13, 2025 11:13 AM

views 27

১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বুধবাৰে বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি

■ কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে ২০১৭ চনত নিযুক্তি দিয়া ৪৫১ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মাজত ১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি কালি বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই প্রবক্তাসকলক সম্পূর্ণ যোগ্যতাৰ ভিত্তিত বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত অংশকালীন হিচাপে নিযুক্তি দিয়া হৈছিল যদিও তেওঁলোকক পর্যায়ক্রমে বৰ্খাস্ত কৰি ৰাজ্য চৰকাৰে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়টোৰ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ কৰে। কালি সদনৰ দিনটোৰ কাম-কাজৰ অন্ত পৰাৰ কিছুসময়ৰ পূৰ্বে সংসদীয় ...

March 13, 2025 11:00 AM

views 30

ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব

● ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ সৈতে জনতা ভৱনত কালি এখন বৈঠকত মিলিত হৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ উপৰি পঞ্চম শ্ৰেণীলৈ সকলো শিক্ষার্থীকে অভ্যাসন বহী যোগানৰ নিশ্চয়তা প্ৰদান কৰে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ...

March 9, 2025 9:02 PM

views 22

গাৰো মাধ্যমৰ বাবে চৰকাৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

গোৱালপাৰাত অনুষ্ঠিত গাৰো সাহিত্য সভাৰ ২৩ সংখ্যক দ্বি-বার্ষিক অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে গাৰো ভাষা-সাহিত্য সামগ্রিক উন্নয়নৰ বাবে গাৰো সাহিত্য সভাই পালন কৰা ভূমিকাৰ শলাগ লয়। বর্তমান অষ্টম শ্রেণী প্ৰৱৰ্তিত গাৰো ভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সামগ্রিক উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইয়াৰ উপৰি গাৰো মাধ্যমৰ বাবে চৰকাৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও গ্ৰহ...