August 8, 2025 8:24 PM

views 39

বৰপেটাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত বৰপেটা জিলাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। NCERT-ৰ ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ আৰ্হিত এই দুদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন জিলাৰ বছা বছা ১১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৬৩ বিধ বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শন কৰিছে। ডাঃ পেগুৱে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি এখন বিজ্ঞান মনস্ক আৰু প্ৰযুক্তি নিৰ্ভৰ উন্নত সমাজ অভিমুখী যাত্ৰাৰ অংশ ...

July 26, 2025 11:06 AM

views 35

আদর্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মত প্ৰকাশ

ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। গুৱাহাটীত কালি এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে বর্তমান আদর্শ মহাবিদ্যালয়সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মহাবিদ্যালয়সমূহক সঠিক দিশত নেতৃত্ব দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে আদৰ্শ মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত শিক্ষকসকলৰ বাবে মহাবিদ্যালয়ৰ কামকাজ আগবঢ়া...

July 23, 2025 6:31 PM

views 41

ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত গাই নদীৰ বানে যোৱা ১৯ জুলাইত খহাই নিয়া ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন কৰে। ডাঃ পেগুৱে পৰিস্থিতিৰ বুজ লয় আৰু দলংখনেৰে যাতায়াত অব্যাহত ৰখাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগক নির্দেশ দিয়ে।

July 18, 2025 1:14 PM

views 52

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি

● ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱক্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমু...

July 17, 2025 9:03 PM

views 29

ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ’বঃ ডাঃ ৰণোজ পেগু

ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মহাবিদ্যালয়ৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ লগতে কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ বাবেও প্রায় ৫ হাজাৰ ৫০০ শিক্ষকৰ নথি পত্ৰ পৰীক্ষাৰ কাম চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই শিক্ষকসকলক নিযুক্তি দিয়া হ'ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ১৯৮২ চনৰ পৰাই খোৱাং অঞ্চলৰ শৈক্ষিক ক্ষ...

July 15, 2025 8:58 PM

views 27

ধেমাজিত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত বন অধিকাৰ আইনৰ অধীনত জনজাতীয় আৰু পৰম্পৰাগতভাৱে বনাঞ্চলত বাস কৰি অহা লোকসকলক ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ মিংমাং গাঁও পঞ্চায়তৰ কৃষ্টি ভৱনত জিলা প্ৰশাসনে আয়োজন কৰা প্ৰধানমন্ত্ৰী ধৰতী আবা জন অংশীদাৰী অভিযানৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ডাঃ পেগুৱে ভূমি পট্টা বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত বন অধিকাৰ আইনৰ...

June 29, 2025 12:03 PM

views 33

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। শিক্ষক পদ পুৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাচনি প্রক্রিয়া চলি আছে। এই অনুসৰি পহিলা জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা সাত হাজাৰ ৫৮৮ টা শিক্ষক পদ পুৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত নিযুক্ত হ'বলগীয়া এই স্নাতক শিক্ষকৰ পদসমূহ পুৰণৰ বাবে ছটা মণ্ডলত প্ৰাৰ্থীৰ নথিপত্র পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্...

June 23, 2025 6:54 PM

views 29

ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সম্বৰ্ধনা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক সম্বৰ্ধনা জনায়। মিছিং ছাত্র সংগঠন টাকাম মিছিং পৰিণ কেবাঙৰ উদ্যোগত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্রী ডাঃ পেগুৱে চলিত বৰ্ষৰ নীট, জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ লগতে ফুটবল, উছু, কিক বক্সিঙৰ দৰে খেলসমূহত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অর্জন কৰা খেলুৱৈসকলকো সম্ব...

May 26, 2025 8:41 PM

views 39

লখিমপুৰত ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ

লখিমপুৰত আজি ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ কৰা হয়। মহিলা আৰু শিশু কল্যাণ বিভাগে জিলাখনৰ লখিমপুৰ, নাওবৈচা আৰু ৰঙানদী সমষ্টিৰ ৩ হাজাৰ অংগনৱাড়ী কৰ্মীক স্মার্ট ফোন প্ৰদান কৰে। অনুষ্ঠানত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে বিধায়ক মানৱ ডেকা উপস্থিত থাকে। অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে মন্তব্য কৰে।

May 26, 2025 8:29 PM

views 37

ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ’ৰাৰ গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ'ৰাৰ গৃহ উদ্বোধন কৰে। অনুসূচিত জাতিৰ পৰিচালন সঞ্চালক বিভাগৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ ৩ কোটি টকা আবণ্টনেৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা জিৰণী চ'ৰাই জিলাখনৰ লোকসকলক উপকৃত কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে আশা প্রকাশ কৰে।