August 16, 2025 6:26 PM

views 62

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আলাস্কাত অনুষ্ঠিত প্রায় তিনি ঘণ্টাজোৰা আলোচনাত ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ সমাধানসূত্ৰৰ কাষ চাপি যোৱা বুলি প্ৰকাশ কৰিছে। দুয়োপক্ষই অৱশ্যে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। শ্ৰীট্রাম্পে এখন সংবাদ মেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকখন ফলপ্রসূ হোৱা বুলি অভিহিত কৰে। তেওঁ কয় যে বৈঠকত কেইবাটাও বিষয়ত ঐক্যমত্যত উপনীত হব পৰা গৈছে যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। শ্ৰীট্টাম্পে শান্ত...

July 5, 2025 8:43 PM

views 29

আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ শুল্ক সন্দৰ্ভত ১২ খন দেশলৈ ডোনাল্ড ট্রাম্পৰ পত্ৰ প্ৰেৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা সামগ্ৰী ক্ষেত্ৰত বিভিন্ন স্তৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ১২ খন দেশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি ঘোষণা কৰিছে। তেওঁ এই প্ৰস্তাৱক গ্ৰহণ কৰক নাইবা ত্যাগ কৰক সুযোগ হিচাপে অভিহিত কৰিছে। অহা সোমবাৰে এই প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব। এই পত্ৰসমূহত ভিন ভিন শুল্ক, দৰ আৰু ৰাশি অন্তৰ্ভুক্ত কৰা হৈছে বুলি ট্রাম্পে সংবাদ মাধ্যমৰ আগত জনায়। তেওঁ কোনো কোনো ক্ষেত্ৰত এই শুল্ক ৭০ শতাংশলৈকে বৃদ্ধি হ'ব বুলি সংকেত দিয়াৰ লগতে অহা ১ আগষ্টৰ পৰা এই শুল্ক কার্যকৰী...

June 29, 2025 11:26 AM

views 139

ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত জয়লাভ কৰা বুলি ইৰানৰ দাবীক আমেৰিকাৰ তীব্র সমালোচনা

ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত ইৰানে জয়লাভ কৰা বুলি কৰা দাবীক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ সৰ্বোচ্চ নেতা আয়তুল্লা আলী খামেনেইক তীব্র সমালোচনা কৰিছে আৰু তেহৰান মহলে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা চলালে আমেৰিকাই পুনৰ দেশখনৰ বিৰুদ্ধে বোমা বর্ষণ কৰিব বুলি সকীয়াই দিছে। শ্ৰী ট্রাম্পে সামাজিক মাধ্যম যোগে যুদ্ধ জয়ৰ দাবী কৰি খামেনেইয়ে গোকাট মিছা মতা বুলি অভিযোগ কৰিছে। ব্যক্তিগতভাৱে খামেনেইৰ হত্যা ৰোধ কৰা বুলিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবি ক...

June 27, 2025 12:00 PM

views 29

শীঘ্ৰেই ভাৰতৰ সৈতে এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ’ব বুলি ডনাল্ড ট্রাম্পৰ প্ৰকাশ

ভাৰতৰ সৈতে শীঘ্ৰেই এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চীনৰ সৈতে অলপতে চুক্তি কৰা হৈছে আৰু এইবাৰ ভাৰতৰ সৈতেও এটা ডাঙৰ চুক্তি কৰা হ'ব। চীনৰ সৈতে হোৱা চুক্তিৰ বিষয়ে সৱিশেষ প্ৰকাশ নকৰিলেও তেওঁ প্ৰকাশ কৰে যে প্ৰতিখন ৰাষ্ট্ৰৰ সৈতে চুক্তি কৰা নহয় ।

June 8, 2025 8:38 PM

views 36

লচ এঞ্জেলেছত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নেচনেল গাৰ্ডৰ ২০০০ জোৱান নিয়োগৰ নিৰ্দেশ

লচ এঞ্জেলেছত সংঘটিত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে নেচনেল গাৰ্ডৰ ২০০০ জোৱান নিয়োগৰ নিৰ্দেশ দিছে। অঞ্চলটোত দ্বিতীয় দিনৰ বাবেও চৰকাৰী পক্ষ আৰু সাধাৰণ জনতাৰ মাজত সংঘর্ষ অব্যাহত আছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত লছ এঞ্জেলছত ট্রাম্প প্রশাসনে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল। এই সময়ছোৱাত নথিপত্রবিহীন ১১৮ জন অনুপ্রবেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে ট্রাম্প প্ৰশাসনৰ এই অভিযানৰ বিৰুদ্ধে একাংশ লোকে প্রতিবাদী কাৰ্যসূচী ৰূপায়...

May 29, 2025 3:53 PM

views 34

আমেৰিকাৰ চৰকাৰী সামৰ্থ্য দপ্তৰ, ড’জৰ মুৰব্বী হিচাপে এলন মাস্কৰ কাৰ্যকালৰ সামৰণি

■ মহাকাশ আৰু প্ৰযুক্তি ক্ষেত্ৰৰ ধন কুবেৰ এলন মাস্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সামৰ্থ্য দপ্তৰ, ড’জৰ মুৰব্বী হিচাপে তেওঁৰ কাৰ্যকালৰ সামৰণি পৰা বুলি ঘোষণা কৰিছে। এই পদত কাৰ্যনিৰ্বাহৰ জৰিয়তে পুঁজিৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক ধন্যবাদ জ্ঞাপন কৰে। সময় বাগৰাৰ লগে লগে ড’জ অভিযান অধিক শক্তিশালী হৈ চৰকাৰী প্ৰক্ৰিয়াত ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মাস্কে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক প্ৰথমবাৰৰ বাবে সমালোচনা...

May 21, 2025 12:46 PM

views 28

১৭, ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা ডনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে দেশখনৰ বাবে ১৭ হাজাৰ ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। চীন আৰু ৰাছিয়াৰ সম্ভাৱ্য ভাবুকি প্ৰতিহত কৰাৰ লক্ষ্যৰে এই অভিলাষী প্রকল্প আৰম্ভ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বাহিনীৰ জেনেৰেল মাইকেল গুৱেটলিনক এই প্ৰকল্পৰ মুৰববী হিচাপে নিযুক্তি দিয়া হৈছে। হোৱাইট হাউছত যোৱা নিশা এখন সংবাদমেলত ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে গোল্ডেন ডোমে মহাকাশ অথবা অন্য ৰাষ্ট্ৰৰ পৰা নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰকে ধৰি দীৰ্ঘ দূৰত্ব...

May 21, 2025 12:44 PM

views 22

ৰাছিয়া আৰু ইউক্রেইনে যুদ্ধবিৰতি বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি ড’নাল্ড ট্রাম্পৰ ঘোষণা

ৰাছিয়া আৰু ইউক্রেইনে যুদ্ধবিৰতি তথা যুদ্ধৰ সম্ভাৱ্য অৱসানৰ বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ঘোষণা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দুঘণ্টাজোৰা টেলিফোনিক বাৰ্তালাপৰ পাছতেই ট্রাম্পে এই কথা ঘোষণা কৰিছে। ট্রাম্পে কয় যে তেওঁলোকৰ মাজৰ এই আলোচনা ইতিবাচক আছিল আৰু আলোচনাৰ বাবে দুয়োপক্ষ সাজু। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্রাম্পে প্ৰকাশ কৰিছে যে দুয়োখন দেশে আলোচনাৰ বিষয়টো নিজেই আগবঢ়াই নিব। যুদ্ধৰ পাছত আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি ক...

May 7, 2025 1:25 PM

views 15

ভাৰতৰ বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ডোনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিৱিৰত ভাৰতে বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্ৰীট্টাম্পে কয়, যে জনসাধাৰণে কিবা এটা বিশেষ হ'বলৈ গৈ আছে বুলি পূৰ্বেই অনুমান কৰিছিল। দুয়োখন দেশৰ মাজৰ এই চিন্তাজনক পৰিস্থিতি সোনকালে অৱসান ঘটিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশসমূহৰ সচিব মার্কো ৰুবিয়ই কয়, যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। সামাজিক মাধ্যম...

May 5, 2025 1:07 PM

views 75

দেশৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা ডোনাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে দেশখনৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। টুথ ছ'চিয়েলৰ সৈতে হোৱা কথাবাৰ্তাত ৰাষ্ট্ৰপতি ট্রাম্পে কয়, যে তেওঁ দেশখনৰ বাণিজ্য আৰু বাণিজ্য প্রতিনিধি বিভাগক আমেৰিকাত প্ৰদৰ্শিত, বিদেশত নির্মিত ছবিৰ ক্ষেত্ৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ কৰ্তৃত্ব দিছে। তেওঁ কয়, যে হলীউড আৰু আমেৰিকাৰ অন্যান্য প্ৰান্তৰ চলচ্চিত্ৰ উদ্যোগক বাহিৰা দেশৰ চলচ্চিত্ৰই ধবংস কৰিছে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি স্বৰূপ বুলি তেওঁ প্ৰকাশ ...