April 7, 2025 6:58 PM

views 29

শিৱসাগৰৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

শিৱসাগৰ জিলাৰ নাজিৰাৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ আজি পুৱতি নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। হৃদ ৰোগকে ধৰি অন্যান্য শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ যোৱা ১ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল। বিবিচি এছিয়া পেচিফিকৰ সম্পাদকৰ দায়িত্বত থকা শচীন গগৈৰ মাতৃ অঞ্জলী গগৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰয়াত গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছ...

March 20, 2025 7:04 PM

views 27

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰৰ দেহাৱসান

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ শিশিৰ কুমাৰ বৰঠাকুৰৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। যোৱা কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত মৰিয়নি মহাবিদ্যালয়ৰ সমূহ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে শোক প্ৰকাশ কৰিছে।  

March 18, 2025 12:11 PM

views 10

প্রখ্যাত ডি আই কালাৰিষ্ট সুজীত বৰাৰ দেহাৱসান

প্রখ্যাত ডি আই কালাৰিষ্ট তথা অনলাইন গ্রাফিক ডিজাইনাৰ সুজীত বৰাৰ কালি মুম্বাইৰ ভক্তি বেদান্ত চিকিৎসালয়ত দেহাৱসান ঘটে। ভি চি পি মায়'পেথি নামৰ বিৰল অৱক্ষয়ীজিনিয় ৰোগত আক্ৰান্ত প্ৰয়াত বৰাই শতাধিক হিন্দী, মাৰাঠী আৰু অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবাখনো ধাৰাবাহিকত কৰা কামৰ বাবে সুখ্যাতি অৰ্জন কৰিছিল। তিনিচুকীয়া জিলাৰ মাকুমৰ সন্তান প্রয়াত বৰাই কাম কৰা কেইখনমান বিখ্যাত হিন্দী চলচ্চিত্র হ'ল- কাহো না প্যাৰ হে, পৰদেশ, হম দিল দে চুকে চানাম ইত্যাদি।  

March 17, 2025 7:20 PM

views 12

বজালীৰ দেৱ দামোদৰ সত্ৰৰ সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামীৰ দেহাৱসান

বজালীৰ দেৱ দামোদৰ সত্ৰৰ সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত তেওঁৰ ভালুকীৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। তেওঁৰ মৃত্যুত সমগ্র বজালী জিলাত শোকৰ ছাঁ পৰিছে।

June 12, 2024 5:59 PM

views 5

প্রাক্তন ফুটবল খেলুৱৈ, প্ৰশিক্ষক টি কে চাথুন্নীৰ দেহাৱসান

প্রাক্তন ফুটবল খেলুৱৈ তথা প্ৰশিক্ষক টি কে চাথুন্নীৰ আজি পুৱা কেৰালাৰ এৰ্ণাকুলাম জিলাৰ কাৰুকুট্টিৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দেশৰ এগৰাকী অতি সফল ফুটবল প্রশিক্ষক হিচাপে পৰিচিত চাথুন্নী কোচিন এফ চি, চাৰ্ছিল ব্ৰাডাৰ্ছ, ডেম্প’ এফ চি, মোহন বাগান, ছালগাওকাৰ আৰু কেৰালা আৰক্ষী ফুটবল দলকে ধৰি বহুকেইটা ফুটবল ক্লাবৰ প্ৰশিক্ষক হিচাপে আছিল।

May 25, 2024 12:21 PM

views 13

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ দেহাৱসান

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ যোৱা নিশা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। ১৯৬১ চনৰ আই এছ বিষয়া হৰেন্দ্ৰ নাথ দাস ১৯৯০ৰ পৰা ১৯৯৫ চনলৈ ৰাজ্যৰ মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যৰ বিত্ত সচিবৰ উপৰিও অন্যান্য বহু প্ৰশাসনীয় দায়িত্বত থকা হৰেন্দ্ৰ নাথ দাস কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰ্যালয়ৰ সঞ্চালক পদতো অধিষ্ঠিত হৈছিল। দাসৰ মৃত্যুত বৰ্তমান মুখ্য সচিব ৰবি কোটা, মহানগৰ আৰক্ষী আয়ুক্তকে ধৰি বিভিন্নজনে শ্রদ্ধা নিবেদন কৰে।

March 31, 2024 9:24 PM

views 56

বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ শোক প্রকাশ

বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে শোক প্রকাশ কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ, চর্যাগীতিকোষ আদিৰ দৰে অমূল্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ভাষাবিদগৰাকীৰ মৃত্যু জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী ৰঞ্জিত দাসেও বিশিষ্ট ভাষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। অসম সাহিত্যৰ সভাইও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা নিশ...

March 29, 2024 7:58 PM

views 30

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ মৃত্যু

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ যোৱানিশা উত্তৰ প্ৰদেশৰ বান্দা চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয়। পূৰ্বে আনচাৰিক ৰখা জিলা কাৰাগাৰতেই অসুস্থ হৈ পৰাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতেই তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান প্ৰশান্ত কুমাৰে কৈছে যে আনচাৰিৰ মৃত্যুৰ পাছত ৰাজ্যখনত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজ্যখনৰ গাজিপুৰ, মাও, বাৰাণসী আৰু অন্যান্য জি...