May 7, 2025 1:33 PM

views 27

চি ইউ ই টি-ইউ জি পৰীক্ষা ৮ মে’ৰ পৰিৱৰ্তে ১৩ মে’ৰ পৰা আৰম্ভ

চি ইউ ই টি-ইউ জি পৰীক্ষা ১৩ মেলৈ পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এনটিএই ঘোষণা কৰা অনুসৰি ৮ মে’ৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। সময়সূচী সালসলনিৰ পাছত এতিয়া পৰীক্ষা ১৩ মে'ৰ পৰা আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই কয় যে বৃহস্পতিবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও সংস্থাটোৱে বিষয়-অনুসৰি পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰা নাছিল। উল্লেখযোগ্য যে এইবাৰ প্ৰৱেশ পৰীক্ষাৰ বাবে চাৰে ১৩ লাখৰো অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। যোৱা বছৰ পৰীক্ষাৰ আৰ্হি সলনি কৰাৰ পাছত এইবাৰ পৰীক্ষা কেৱল কম্পিউটাৰ-...

March 23, 2025 11:03 AM

views 18

উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টিৰ বাবে অনলাইনযোগে আৱেদন দাখিলৰ সময়সীমা বৃদ্ধি

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৫ বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টিৰ বাবে অনলাইন যোগে আৱেদন দাখিলৰ সময়সীমা কাইলৈ লৈকে বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এখন বিজ্ঞপ্তি যোগে পৰীক্ষা মাচুল জমা কৰাৰ দিনৰ সংশোধন কৰি ২৫ মাৰ্চ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আৱেদনকাৰীসকলে ২৬ৰ পৰা ২৮ মাৰ্চলৈ আৱেদন পত্ৰৰ বিৱৰণৰ সংশোধন কৰিব পাৰিব। দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশৰ ১৫ খন চহৰত চৰ পৰা ১ জুনৰ ভিতৰত কম্পিউটাৰ আধাৰিত এই পৰীক্ষা আয়োজিত কৰা হ'ব ।

July 15, 2024 8:29 PM

views 21

NEET-UG সন্দৰ্ভত অমীমাংসিত হৈ থকা আবেদনৰ স্থানান্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ৰ নতুন আবেদন

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ত অমীমাংসিত হৈ থকা আবেদনৰ স্থানান্তৰ বিচাৰি কৰা এলানি নতুন আবেদন সন্দৰ্ভত আজি জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পাৰিৱালা তথা ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ আবেদনকাৰীসকললৈ জাননী জাৰি কৰাৰ লগতে এই সন্দৰ্ভত অমীমাংসিত হৈ থকা বিষয়সমূহৰ সৈতে স্থানান্তৰৰ আবেদনসমূহকো সংযুক্ত কৰে। অৱশ্যে বিচাৰপীঠে বিষয়টো ৰাজস্থান উচ্চ ...