ডাউনলোড
মোবাইল এপ

android apple
signal

May 7, 2025 1:33 PM | CUET-UG

printer

চি ইউ ই টি-ইউ জি পৰীক্ষা ৮ মে’ৰ পৰিৱৰ্তে ১৩ মে’ৰ পৰা আৰম্ভ

চি ইউ ই টি-ইউ জি পৰীক্ষা ১৩ মেলৈ পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এনটিএই ঘোষণা কৰা অনুসৰি ৮ মে’ৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। সময়সূচী সালসলনিৰ পাছত এতিয়া পৰীক্ষা ১৩ মে’ৰ পৰা আৰম্ভ হ’ব। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই কয় যে বৃহস্পতিবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও সংস্থাটোৱে বিষয়-অনুসৰি পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰা নাছিল। উল্লেখযোগ্য যে এইবাৰ প্ৰৱেশ পৰীক্ষাৰ বাবে চাৰে ১৩ লাখৰো অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। যোৱা বছৰ পৰীক্ষাৰ আৰ্হি সলনি কৰাৰ পাছত এইবাৰ পৰীক্ষা কেৱল কম্পিউটাৰ-আধাৰিত অৰ্থাৎ চিবিটি মোডত অনুষ্ঠিত কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক