June 14, 2024 4:31 PM
28
আই চি চি টি-২০ বিশ্বকাপত আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত
আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰ এটা বলত তিনিটা উইকেটৰ বিনিময়ত ১০১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গোলবদিন নাইবে কেৱল ৩৬ টা বলত ৪৯ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি পাপুৱা নিউগিনিয়ে ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰাণ কৰে। ফজল হক ফাৰুকিয়ে তিনিটা আৰু নবীন-উল হকে দুটা উইকেট ...