April 3, 2024 7:11 PM April 3, 2024 7:11 PM

views 35

ৱাইনাড সংসদীয় সমষ্টিৰ বাবে ৰাহুল গান্ধীয়ে মনোনয়ন পত্র দাখিল কৰিব

♦ কংগ্ৰেছ নেতা তথা ৱাইনাড সংসদীয় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে আজি সমষ্টিটোৰ বাবে মনোনয়ন পত্র দাখিল কৰিব। এল ডি এফৰ প্রক্ষেপিত প্রার্থী চি পি আইৰ এন্নী বাজায়েও আজি মনোনয়ন দাখিল কৰিব। আনহাতে এন ডি এৰ প্ৰাৰ্থী তথা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কাইলৈ মনোনয়ন পত্র দাখিল কৰিব। সমষ্টিটোত ইউ ডি এফ, এল ডি এফ আৰু এন ডি এৰ প্ৰাৰ্থীৰ মাজত তৃকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে। কেৰালাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিত হ'ব। মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। আনহাতে পৰহিলৈ মনোনয়ন পত্রসমূহ...

April 2, 2024 8:27 PM April 2, 2024 8:27 PM

views 27

লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কংগ্ৰেছৰ

◊ কংগ্ৰেছে আজি সমাগত লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰে। কাকিনাদা লোকসভাৰ আসনৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এম পল্লম ৰাজুৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী ৱাই এছ শর্মিলা ৰেড্ডীয়ে কদাপা আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব আৰু বাপটলা লোকসভা আসনৰ পৰা দলৰ নেতা জে ডি ছিলামে প্রতিদ্বন্দ্বিতা কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তাৰিক আনোৱাৰে বিহাৰৰ কাটিহাৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে আমিৰ চান্দ নায়কে ওড়িশাৰ কান্ধামাল লোকসভা আসনৰ...

April 2, 2024 8:31 PM April 2, 2024 8:31 PM

views 29

বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে I.N.D.I.A মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰেঃ অমিত শ্বাহ

♦ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি দলীয় কৰ্মী সকলক ভোটাৰৰ কাষ চাপিবলৈ আৰু বিকশিত ভাৰতৰ এজেণ্ডাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ আজি বেংগালুৰুত পাঁচটা লোকসভা সমষ্টিৰ শক্তি প্ৰমুখৰ সন্মুখত ভাষণ দি তেওঁ কয় যে বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে INDIA মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪ চনত কৰ্ণাটকে বিজেপিক ৪৩ শতাংশ ভোট আৰু ১৭খন আসন দিছিল। Read More News :  কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা  পোখৰা...

April 2, 2024 1:30 PM April 2, 2024 1:30 PM

views 12

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি দুগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি মহাৰাষ্ট্ৰৰ অক'লা সমষ্টিত অভয় কাশীনাথ পাৰ্টিলে আৰু তেলেংগানাৰ ৱাৰাংগল সমষ্টিত কাডিয়াম কাব্যই নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

April 1, 2024 8:24 PM April 1, 2024 8:24 PM

views 15

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ইস্তাহাৰ সমিতিৰ বৈঠক

নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি দলটোৰ ইস্তাহাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত ২৭ জনীয়া সমিতিখনৰ আজি অনুষ্ঠিত প্রথমখন বৈঠকত দলটোৰ বাবে গুৰুত্ব বহন কৰা কেইবাটাও বিষয় পর্যালোচনা কৰা হয়। উল্লেখযোগ্য যে এই সমিতিখনত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণক আহ্বায়ক আৰু পিয়ুছ গোৱেলক সহ আহ্বায়ক হিচাবে ৰখা হৈছে। এই সমিতিত মুখ্...

April 1, 2024 11:56 AM April 1, 2024 11:56 AM

views 38

দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কে চি বেনুগোপাল আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বিহাৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলো এই বৈঠকত উপস্থিত থাকে।

April 1, 2024 11:13 AM April 1, 2024 11:13 AM

views 23

উত্তৰ প্ৰদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে কংগ্ৰেছৰ তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ

উত্তৰ প্ৰদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে কংগ্ৰেছে দলে তাৰকা প্ৰচাৰকসকলৰ এখন তালিকা প্রকাশ কৰিছে। দলৰ সভাপতি মল্লিকার্জুন খার্গে, জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা, ডি কে শিৱকুমাৰ, দিগ্বিজয় সিং, শচীন পাইলট আৰু অন্যান্য সকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে জম্মু-কাশ্মীৰৰ বাবেও দলে তাৰকা প্ৰচাৰকসকলৰ তালিকা প্রকাশ কৰিছে।