May 2, 2024 12:41 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছেঃ ৰাহুল গান্ধী

◊ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবুলি দাবী কৰিছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছে আৰু কংগ্ৰেছে মহিলাৰ মংগলসূত্র তথা জনসাধাৰণৰ বাসগৃহ কাঢ়ি নিব বুলি দাবী কৰিব লৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে কংগ্ৰেছে বিজেপিৰ ৩০০খন আসনৰ ভিতৰত ডেৰশৰো অধিক আসন কাঢ়ি লৈ পৰৱৰ্ত্তী চৰকাৰ গঠন কৰিবলৈ ওলোৱাৰ বাবেই শ্রীমোডীয়ে এনে ধৰণৰ হাস্যস্পদ আৰু মিছা কথা ক'বলৈ লৈছে। Read More: চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধা...

May 1, 2024 8:35 PM

views 36

অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা

কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হকে ধুবুৰীত এখন নির্বাচনী সভা সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে অৱহেলিত-বঞ্চিত মহিলাসকলক বছৰি ১ লাখ টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰী খণ্ডত এনে মহিলাৰ বাবে ৫০ শতাংশ চাকৰি সংৰক্ষণ কৰিব। এন ডি এ চৰকাৰক সমালোচনা কৰি প্ৰিয়ংকা গান্ধীয়ে বিগত ১০ বছৰত কৰ্ম-সংস্থাপনহীনতাৰ হাৰ সৰ্বোচ্চ পৰ্য্যায়ত উপনীত হৈছে আৰু ৭০ কোটি লোক কৰ্ম-সংস্থাপনৰ সুযোগৰ পৰা বঞ্চিত হৈ থকা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ২০ লাখ পদ খালী হৈ থকা ...

May 1, 2024 8:32 PM

views 24

বিগত ১০ বছৰত দেশত মজুৰিৰ হাৰ বৃদ্ধি হোৱা নাই বুলি কংগ্ৰেছৰ অভিযোগ

কংগ্ৰেছে বিগত ১০ বছৰত দেশত মজুৰিৰ হাৰ বৃদ্ধি কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰম ব্যুৰ'ৰ তথ্যৰ উদ্ধৃতিৰে কয় যে, মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালত প্রকৃত মজুৰিৰ হাৰ হ্ৰাস পাইছে। তেওঁ কয় যে, মনমোহন সিং চৰকাৰৰ শাসনকালত ২০০৪ৰ পৰা ২০১৪ চনৰ ভিতৰত কৃষি শ্রমিকৰ প্ৰকৃত মজুৰিৰ হাৰ বছৰি ৬.৮ শতাংশ বৃদ্ধি পাইছিল।

May 1, 2024 1:16 PM

views 24

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ আন চাৰিগৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। দলে অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া ৰাজ বাববৰক হাৰিয়ানাৰ গুৰগাঁও আসনৰ পৰা আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী আনন্দ শৰ্মাক হিমাচল প্ৰদেশৰ কাংগ্ৰাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। একেদৰে ছটপাল ৰায়জাদা হিমাচল প্ৰদেশৰ হামিৰপুৰৰ পৰা আৰু ভূষণ পাৰ্টিলক মহাৰাষ্ট্ৰৰ মুম্বাই উত্তৰ সংসদীয় সমষ্টিৰ পৰা দলীয় টিকট প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচনী সমিতিয়ে কালি প্ৰাৰ্থীকেইজনৰ নাম চূড়ান্ত কৰে।

April 28, 2024 6:10 PM

views 29

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীৰ পদত্যাগ

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত অৰবিন্দ সিং লাভলীয়ে কয় যে, দিল্লী কংগ্ৰেছে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰিছিল। কিয়নো দিল্লী কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টী গঠন হৈছিল। ইয়াৰ পিছতো দলটোৱে দিল্লীত আম আদমী পাৰ্টীৰ সৈতে মিত্রতা কৰিছে। দিল্লী কংগ্ৰেছৰ দলীয় কৰ্মীসকল আপৰ এনে ভুৱা অপপ্ৰচাৰত অসন্তুষ্ট বুলিও তেওঁ পত্ৰখনত উল্লেখ কৰে।

April 28, 2024 12:32 PM

views 20

কংগ্ৰেছে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী থকা আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিবঃ সাধাৰণ সম্পাদক কে চি বেনুগোপাল

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিব। উত্তৰ প্ৰদেশত গুৰুত্বপূৰ্ণ ৰায়বৰেলি আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ পৰা জানিব পৰা মতে গান্ধী পৰিয়ালে আমেথি আৰু ৰায়বৰেলি আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব লাগে বুলি উত্তৰ প্ৰদেশ কংগ্ৰেছে দলৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ ওচৰত প্ৰস্তাৱ দিছে আৰু এই প্ৰস্তাৱ সন্দৰ্ভত সভ...

April 21, 2024 8:27 PM

views 26

কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

লোকসভা নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে নতুন দিল্লীত থকা কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয়ত আজি দলৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত পঞ্জাৱৰ দলীয় জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে।

April 7, 2024 7:41 PM

views 31

কংগ্ৰেছ তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰঃ ৰাহুল গান্ধী

কংগ্ৰেছে কালি বিয়লি তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ ৰংগাৰেড্ডী জিলাৰ থুক্কু গুড়াত জনযাত্রা শীর্ষক ৰাজহুৱা সভাৰে ৰাজ্যখনৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰে। তেলেগু ভাষাত দলৰ ইস্তাহাৰ মুকলি কৰাৰ পাছত এখন জনসভাক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছ তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰী গান্ধীয়ে এই প্ৰতিশ্ৰুতিসমূহ পূৰণৰ অংগীকাৰ লয়। কর্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ বাবে চলোৱা প্ৰয়াসত আলোকপাত কৰি নেতাগৰ...

April 5, 2024 8:47 PM

views 27

কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত বিজেপিৰ

বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে ভোটদাতাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই ইস্তাহাৰ যুগুতাই উলিওৱা হৈছে। কংগ্ৰেছে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰৰ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি তেওঁ অভিযোগ কৰে। শ্ৰী ত্রিবেদীয়ে কয় যে কংগ্ৰেছে ইস্তাহাৰখনৰ জল ব্যৱস্থাপনা বিষয়ক পৃষ্ঠাত নিউয়ৰ্কৰ বাফেলো...

April 5, 2024 12:06 PM

views 71

লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটৰ কংগ্ৰেছ দলৰ ৩ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

♦ গুজৰাটৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৩ গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰিছে। দলে বদোদৰা সমষ্টিৰ পৰা যশপাল সিং পাধিয়াৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে জুনাগড় আসনখনৰ বাবে হীৰাভাই জোট্ৰা আৰু সুৰেন্দ্ৰনগৰ আসনখনৰ বাবে ৰুত্বিকভাই মকৱানাক প্রার্থী হিচাপে থিয় কৰোৱাইছে।