March 17, 2025 7:31 PM March 17, 2025 7:31 PM

views 17

মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ মুখ্যমন্ত্রীৰ পর্যালোচনা বৈঠক

ৰাজ্যখনৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন পর্যালোচনা বৈঠকত অংশ লয়। এই বৈঠকত সক্ৰিয় আৰু উৎসাহী কর্মশক্তি নিশ্চিত কৰাৰ বাবে শিক্ষকসকলৰ নিযুক্তি আৰু পাৰিশ্ৰম সম্পৰ্কত আলোচনা কৰা হয়। এই বৈঠকত শৈক্ষিক আন্তঃগাঁথনি, অনুকূল শিক্ষা পৰিবেশ সৃষ্টি, চাহ বাগিছা অঞ্চলত মানসম্পন্ন শিক্ষা প্ৰদানৰ লক্ষ্যৰে আদৰ্শ বিদ্যালয় স্থাপনকে ধৰি কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। দূৰণিবটীয়া এলেকাতসমূহত শিক্ষাৰ্থীৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধিৰ বাবে বিদ্যাল...

March 17, 2025 6:48 PM March 17, 2025 6:48 PM

views 11

অহা ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু সম-জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ সন্দৰ্ভত আলোচনা কৰে। অহা ১৯ মাৰ্চত কামৰূপ জিলাৰ পলাশবাৰীত কেন্দ্ৰীয়ভাৱে এই যোজনাৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধনৰাশি অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰতিখন জিলা আৰু সম-জিলাত একে সময়তে এই অনুষ্ঠানৰ আয়োজন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আৰু সম-জিলা আয়ুক্তসকলক নির্দেশ জাৰি ...

March 6, 2025 7:44 PM March 6, 2025 7:44 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বার্বাডোজৰ ৰাষ্ট্ৰপতিৰ ফ্রীডম অব বার্বাডোজ সন্মান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বার্বাডোজৰ ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা সন্মানীয় ফ্রীডম অব বার্বাডোজ সন্মান শ্ৰীমোদীৰ হৈ আজি ব্রিজটাউনত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গ্ৰহণ কৰে। বার্বাডোজৰ ৰাষ্ট্ৰপতি চন্দ্ৰা মেছনে দেশখনৰ প্ৰধানমন্ত্ৰী মিয়া মটলীৰ উপস্থিতিত শ্ৰীমাৰ্ঘেৰিটাক এই সন্মান অৰ্পণ কৰে। উল্লেখযোগ্য যে কোভিড-১৯ৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ কৌশলগত নেতৃত্বৰ প্ৰতি স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।

March 6, 2025 7:42 PM March 6, 2025 7:42 PM

views 16

অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ’ব- মুখ্যমন্ত্রী

অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল ঐতিহ্যপূৰ্ণ চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আয়োজিত এটা অনুষ্ঠানত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফালে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত কাম-কাজ আৰম্ভ হ'ব। মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত ১ লাখ কোটি টকা ব্যয়েৰে পথ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। এই বছৰৰ ছেপ্তেম্বৰৰ ভিতৰত গুৱ...

February 28, 2025 1:34 PM February 28, 2025 1:34 PM

views 9

ইউনটেক ফুণ্টশ্ব’ ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউনটেক ফুণ্টশ্ব’ আৰু বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ফুন্টশ্বেৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ভূটানৰ মাজত কৃষি, বাণিজ্য, পর্যটন, শিক্ষা আৰু শক্তি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক অগস্তে ভানো কৌয়ামেৰ সৈতে হোৱা বৈঠকত ঔদ্যোগিক উদ্যানৰ আন্তঃগাঁথনি নিৰ্মাণ, কৃষি আৰু আনুষঙ্গিক খণ্ডসমূহক অ...

February 20, 2025 12:17 PM February 20, 2025 12:17 PM

views 12

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকৰ পঞ্জীয়ন

সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকে পঞ্জীয়ন কৰিছে। সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা এই সন্মিলনৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এই সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমুইৰ বিনন্দিন...

February 19, 2025 7:54 PM February 19, 2025 7:54 PM

views 16

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পাছত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

February 14, 2025 12:49 PM February 14, 2025 12:49 PM

views 9

১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰা বুলি মুখ্যমন্ত্রীৰ প্রকাশ

অসম চৰকাৰে ১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এডভান্টেজ আচাম বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশহিচাপে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত ছিংগাপুৰত দেশখনৰ আগশাৰীৰ উদ্যোগপতিৰ সৈতে হোৱা আলোচনাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অসমৰ সম্পদ আৰু ভৌগোলিক স্থিতিৰ সুবিধাৰে ৰাজ্যখনে দেশৰ অন্যতম বিকশিত ৰাজ্য হোৱাৰ বিশত ...

February 12, 2025 8:04 PM February 12, 2025 8:04 PM

views 4

ছিংগাপুৰত উপ প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্রধানমন্ত্রী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অর্থনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ সহযোগিতাৰ জৰিয়তে ভাৰত- এছিয়ান কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উপ প্রধানমন্ত্ৰীগৰাকীৰ দায়...

February 10, 2025 12:51 PM February 10, 2025 12:51 PM

views 14

আজিৰে পৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া ছিংগাপুৰ ভ্ৰমণ

গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্রমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন'লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ...