September 5, 2025 12:07 PM September 5, 2025 12:07 PM
10
শোণিতপুৰত চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচাত ৰূপায়ণ কৰা চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ কৰে। চাহ বাগিচাসমূহক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বাগিচাৰ বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বিনিয়োগকাৰী তথা বিলাসী হোটেলৰ গোটসমূহক উদগণি যোগোৱাৰ বাবে নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ অংশ হিচাপে ডুৰুং চাহ বাগিচাৰ পুৰণি বাংলো আৰু অতিৰিক্ত ভূমিত দা পোষ্টকার্ড হোটেল ম...