November 20, 2025 12:33 PM November 20, 2025 12:33 PM

views 9

আজি চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান

স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বিয়লি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ চাৰিগৰাকী, স্নাতক শিক্ষকৰ ১৭৭, নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ গৰাকী প্রার্থী আছে। অনুষ্ঠানত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ লগতে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাব...

November 17, 2025 1:06 PM November 17, 2025 1:06 PM

views 19

লণ্ডন সংগ্ৰহালয় কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্তু অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে কথা প্রকাশ কৰে। আজিৰ দিনটো অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্ব দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ব্রিটিছ সংগ্ৰহালয়ৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ল'নিং এৰেঞ্জমেণ্টৰ বিশেষ মাধ্যমেৰে বৃন্দাবনী বস্তু অসমলৈ অনাটো সম্ভৱ হ...

November 12, 2025 8:17 PM November 12, 2025 8:17 PM

views 19

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সর্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্ৰদান কৰা হ'ব। একেদৰে, সম্পূৰ্ণৰূপে বিকলাংগ হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে বিকলাংগলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত ন্যূনতম ...

November 12, 2025 12:27 PM November 12, 2025 12:27 PM

views 10

জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে ৫০ বিঘা পৰ্যন্ত ভূমিস্বত্ব দিয়া হব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ জনজাতীয় লোকসকলক বসুন্ধৰা আঁচনিৰ অধীনত ৫০ বিঘা পর্যন্ত ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ধৰ্তিত আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মুঠ চাৰি হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্যায়ত প্রায় ডেৰ লাখ জনজাতীয় লোকে ভূমি পট্টা লাভ কৰিছিল যদিও আন বহু লোকে এই সুবিধ...

November 10, 2025 12:56 PM November 10, 2025 12:56 PM

views 20

স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে অহা ২৫ নৱেম্বৰত আৰম্ভ ...

November 6, 2025 6:49 PM November 6, 2025 6:49 PM

views 23

ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ’বলগীয়া ২৭০টা অমৃত কলহ গহপুৰলৈ প্ৰেৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ আজি শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হ'ব। উল্লেখযোগ্য যে 'মোৰ মাটি, মোৰ দেশ' কাৰ্যসূচীৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰাৰ ৰূপায়ণ কৰি প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল।...

November 3, 2025 6:56 PM November 3, 2025 6:56 PM

views 13

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অভিযোগনামা ১০ ডিচেম্বৰৰ ভিতৰতে দাখিল কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ অন্তত ডিচেম্বৰৰ ১০ তাৰিখৰ ভিতৰতে অভিযোগনামা দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ প্ৰকাশ কৰিছে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, যে এই অভিযোগনামা ১৭ ডিচেম্বৰৰ পূৰ্বে দাখিল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ৮ তাৰিখৰ ভিতৰতে এই অভিযোগনামা দাখিলৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে। অভিযোগনামা দাখিল প্ৰক্ৰিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন প্রয়োজন হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে কালি এই অনুমোদনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃ...

November 3, 2025 12:36 PM November 3, 2025 12:36 PM

views 25

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ আজি শুভাৰম্ভ

স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভবনত এই উপলক্ষে আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী প্রশান্ত ফুকন উপস্থিত থাকিব। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে দুহেজাৰ ৫০০ টকাকৈ আর্থিক ...

November 3, 2025 12:25 PM November 3, 2025 12:25 PM

views 13

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ লগত মুখ্যমন্ত্রীৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি নিশা নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ নতুন দিল্লীৰ চৰকাৰী বাসভবনত প্রায় আধা ঘণ্টা সময় বৈঠকত মিলিত হোৱাৰ সময়ত মুখ্যমন্ত্রী ৬০ শর্মাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি প্ৰসংগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকৰ কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰি কয়, যে অসমৰ বিকাশৰ গতি শক্তিশালী কৰাৰ বাবে শ্রীশ্বাহে নির্দ...

November 1, 2025 8:04 PM November 1, 2025 8:04 PM

views 15

মৰিগাঁৱত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ৩৬,৩৬৭গৰাকী হিতাধিকাৰীক মহিলা উদ্যমিতা অভিযানৰ চেক প্রদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত ৩৬ হাজাৰ ৩৬৭ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ উদ্যমিতাপুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ ৩২ হাজাৰ ৯৫১ গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু তিনি হাজাৰ ৪২৬ গৰাকী নগৰাঞ্চলৰ। মুখ্যমন্ত্ৰীয়ে আজি মৰিগাঁৱত প্ৰায় ১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব...