December 26, 2024 1:15 PM December 26, 2024 1:15 PM

views 10

কাইলৈৰ পৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত হ'বলগীয়া অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অধিৱেশনস্থলীত গ্ৰন্থমেলা, খাদ্যমেলা আৰু আহোম যুগৰ ঐতিহাসিক সামগ্ৰীসমূহৰ প্ৰদৰ্শনীস্থলী থাকিব। এই অনুষ্ঠানৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ কথা আছে।

December 26, 2024 12:27 PM December 26, 2024 12:27 PM

views 15

মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ

পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে নৱবৰ্ষৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ প্ৰান্তে প্রান্তে আৰক্ষী তথা পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি নিশা পৰিবহন মন্ত্ৰী যোগন মহনে গুৱাহাটীৰ জিএছ ৰোডত উপস্থিত হৈ নিজে এই অভিযানৰ তদাৰক কৰে। তিনিচুকীয়া জিলা প্রশাসনে ও সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাৱে হেলমেট পৰিধান নকৰা আৰু যান বাহন আইন ভংগকাৰীক নাকী লগাবলৈ শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আদি বিভিন্ন স্...

December 26, 2024 12:11 PM December 26, 2024 12:11 PM

views 17

শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতি আৰু দেশখনৰ বস্ত্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত ভাৰতত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বৃদ্ধি পাইছে। এই সন্দৰ্ভত অসম সজাগ হ’বৰ হ’ল বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ৰাজ্যখনত প্রতিদিনে প্রায় ২০-২৫ জন বাংলাদেশীক আটক কৰা হৈছে। ৰাজ্যখনত নজনাকৈ কিমান বাংলাদেশীৰ অনুপ্ৰৱে...

December 23, 2024 12:54 PM December 23, 2024 12:54 PM

views 14

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠক

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হব। তিনিদিনীয়া উজনি অসমৰ ভ্ৰমণসূচীৰে বৰ্তমান ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত অধ্যক্ষতা কৰিব। আজি সন্ধিয়া চাৰে ৬ বজাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত পৰিবহন মন্ত্রী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকিব। বর্তমান গুৱাহাটী আৰু আন জিলা সদৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলে ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ ল’ব। মুখ্যমন্ত্ৰীৰ...

December 19, 2024 12:54 PM December 19, 2024 12:54 PM

views 16

ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ লয়। এই সময়ছোৱাত দ্রুক হ’ল্ডিং এণ্ড ইনভেষ্টমেন্ট লিমিটেডে পৰিৱেশ সংৰক্ষণৰ লগতে অর্থনৈতিক উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা ভূমিকাৰ বিষয়েও উদ্যোক্তাসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম টু পইণ্ট জিৰো শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত অংশগ্ৰহণৰ বাবে বিভিন্ন অংশীদাৰী আৰু উদ্যোগীসকলক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্রীয়ে এই ভ্রমণকালতে বিশ...

December 19, 2024 12:51 PM December 19, 2024 12:51 PM

views 11

ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ দিছে। মন্ত্ৰীসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত ড° শৰ্মাই মন্ত্ৰীসকলক সংশ্লিষ্ট বিভাগসমূহৰ উন্নয়নমূলক কাম-কাজ তথা চৰকাৰী নীতি, প্ৰকল্প আৰু কাৰ্যসূচীক লৈহে বক্তব্য দিবলৈ পৰামৰ্শ আগবঢ়াইছে। ৰাজ্যত অব্যাহত থকা ১২ দিনীয়া বিকাশৰ যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰীসকলে কৰা ৰাজনৈতিক মন্তব্যই মূল বিষয়সমূহৰ পৰা সাধাৰণ ৰাইজৰ দৃষ্টি কাঢ়ি নিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক মন্তব্য...

December 4, 2024 12:17 PM December 4, 2024 12:17 PM

views 9

অশ্বিনী বৈষ্ণৱৰ সৈতে ৰে’ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে দ্রুতগামী ৰে'লেৰে সংযোগ দিয়াবলৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ জনাইছে। কালি নতুন দিল্লীৰ সংসদ ভৱনত থকা ৰে'ল মন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডº শৰ্মাই অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি ৰাজ্যখনৰ ৰে'ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে আৰু ৰে'ল বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈ ৰে'ল মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰে'ল মন্ত্ৰী বৈষ্ণৱক অহা ফেব্ৰুৱাৰী মাহত হ'বলগীয়া এডভান্টেজ ...

November 25, 2024 8:17 PM November 25, 2024 8:17 PM

views 6

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য্যক মুখ্যমন্ত্রীৰ সাক্ষাৎ

 মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য্যক সৌজন্যমূলক সাক্ষাত কৰি ৰাজ্যখন উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত শ্ৰী আচাৰ্য্যৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ সন্দৰ্ভত ৰাজ্যপাল গৰাকীক অৱগত কৰে। তেওঁ লগতে এনেধৰণৰ সকলো উন্নয়নমূলক কাম-কাজৰ পৰিকল্পনা সম্পর্কে ৰাজ্যপাল গৰাকীক জানিবলৈ দিয়ে।

October 25, 2024 6:44 PM October 25, 2024 6:44 PM

views 11

২৮ অক্টোবৰৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে দীপাৱলী উদযাপন বিশেষ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ২৮ অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰি আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

October 22, 2024 8:06 PM October 22, 2024 8:06 PM

views 14

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ সৈতে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত চলি থকা বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত আজি নতুন দিল্লীত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে। বিভিন্ন সংস্থাৰ দ্বাৰা ৰূপায়ণ কৰা ৫৭টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণকৰণ সন...