January 24, 2025 2:11 PM

views 30

৮০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ সৈতে বার্তালাপত মিলিত ড° হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি জাপান ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ ৮০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ সৈতে বার্তালাপত মিলিত হৈ এই কথা প্রকাশ কৰে। তেওঁ লগতে অসমক দেশৰ পৰৱৰ্তী অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্রী শর্মাই আজি তেওঁৰ জাপান ভ্রমণৰ তৃতীয় দিনা দেশখনৰ কেইবাগৰাকীও শীর্ষ উদ্যোগপতিক সাক্ষাৎ কৰিব। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে জাপানৰ বিনিয়োগকাৰীসকলক আমন্ত্রণ জনায়।

January 9, 2025 7:00 PM

views 30

অজন্তা নেওগৰ উপস্থিতিত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত মন্ত্রী অজন্তা নেওগৰ উপস্থিতিত লোকসেৱা ভৱনৰ সভাকক্ষত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বন, পৰিবহণ, আবকাৰী আদি বিভাগৰ বিগত বৰ্ষৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষত হোৱা কৰ সংগ্ৰহ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সম্ভাৱ্য কৰ সংগ্ৰহৰ বুজ লোৱাৰ লগতে এই বিভাগসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনাও প্রদান কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ লগতে চৰকাৰৰ কল্যাণকামী আঁচনি আৰু পদক্ষেপসম...

January 9, 2025 6:57 PM

views 27

ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

অসম চৰকাৰ অহা বছৰৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আবেদন প্রক্রিয়া অহা ১৫ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। প্ৰাৰ্থীসকলে dee.assam.gov.in যোগে আবেদন কৰিব পাৰিব ।

January 9, 2025 6:48 PM

views 20

ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

অসম চৰকাৰ অহা বছৰৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আবেদন প্রক্রিয়া অহা ১৫ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। প্ৰাৰ্থীসকলে dee.assam.gov.in যোগে আবেদন কৰিব পাৰিব ।

January 7, 2025 1:20 PM

views 25

২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফৰ মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাতত সফলতা

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফে জেহাদী, অনুপ্ৰৱেশকাৰী আৰু মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। বিগত বছৰটোত আৰক্ষীয়ে চলোৱা অভিযানত ৫৯ কিলোগ্ৰামৰো অধিক হেৰ'ইন আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদকদ্রব্য জব্দ কৰা হয়। গুৱাহাটী মহানগৰীত যোৱা বছৰটোত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত ২৬৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয় বুলি শ্ৰী সিঙে সংবাদমেলত প্ৰকাশ কৰে।

January 7, 2025 1:08 PM

views 23

ৰাজ্য চৰকাৰৰ ২৫ হাজাৰ কোটি টকাৰ উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা

অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক আর্থিক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ এটা উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ অংশ হিচাপে কালি মুম্বাইত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে এই আহ্বান জনায়। তেওঁ এই অনুষ্ঠানতে উদ্যোগপতিসকলক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক নিজৰ উদ্যোগত অনুপ্ৰৱেশকাৰীসকলক শ্রমিক বা কৰ্মচাৰী হিচাপে নিয়োগ নকৰিবলৈ আহ...

December 26, 2024 1:15 PM

views 21

কাইলৈৰ পৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত হ'বলগীয়া অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অধিৱেশনস্থলীত গ্ৰন্থমেলা, খাদ্যমেলা আৰু আহোম যুগৰ ঐতিহাসিক সামগ্ৰীসমূহৰ প্ৰদৰ্শনীস্থলী থাকিব। এই অনুষ্ঠানৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ কথা আছে।

December 26, 2024 12:27 PM

views 24

মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ

পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে নৱবৰ্ষৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ প্ৰান্তে প্রান্তে আৰক্ষী তথা পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি নিশা পৰিবহন মন্ত্ৰী যোগন মহনে গুৱাহাটীৰ জিএছ ৰোডত উপস্থিত হৈ নিজে এই অভিযানৰ তদাৰক কৰে। তিনিচুকীয়া জিলা প্রশাসনে ও সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাৱে হেলমেট পৰিধান নকৰা আৰু যান বাহন আইন ভংগকাৰীক নাকী লগাবলৈ শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আদি বিভিন্ন স্...

December 26, 2024 12:11 PM

views 33

শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতি আৰু দেশখনৰ বস্ত্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত ভাৰতত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বৃদ্ধি পাইছে। এই সন্দৰ্ভত অসম সজাগ হ’বৰ হ’ল বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ৰাজ্যখনত প্রতিদিনে প্রায় ২০-২৫ জন বাংলাদেশীক আটক কৰা হৈছে। ৰাজ্যখনত নজনাকৈ কিমান বাংলাদেশীৰ অনুপ্ৰৱে...

December 23, 2024 12:54 PM

views 31

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠক

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হব। তিনিদিনীয়া উজনি অসমৰ ভ্ৰমণসূচীৰে বৰ্তমান ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত অধ্যক্ষতা কৰিব। আজি সন্ধিয়া চাৰে ৬ বজাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত পৰিবহন মন্ত্রী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকিব। বর্তমান গুৱাহাটী আৰু আন জিলা সদৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলে ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ ল’ব। মুখ্যমন্ত্ৰীৰ...