June 3, 2025 1:29 PM June 3, 2025 1:29 PM

views 7

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বার্তালাপ

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বার্তালাপত মিলিত হয়। বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ভালেসংখ্যক লোকৰ ওপৰত পৰা ইয়াৰ প্রভাব সন্দৰ্ভত প্রধানমন্ত্ৰীগৰাকীক অৱগত কৰায়। ৰাজ্য চৰকাৰৰ সহযোগত সাহায্য অভিযান চলি থকাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ড০ শর্মাই লগতে জনায় য...