June 11, 2025 9:16 PM June 11, 2025 9:16 PM
16
দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ পাছত সত্ৰ পৰিচালনা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা সত্ৰীয়া কৃষ্টি-সংস্কৃতি উপভোগ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে সত্ৰসমূহৰ পৱিত্ৰতা ৰক্ষাৰ বাবে চৰকাৰে নির্...