July 5, 2025 8:11 PM July 5, 2025 8:11 PM

views 28

বড়ো শান্তি চুক্তিক স্বাধীন ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিক স্বাধীন ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি হিচাপে অভিহিত কৰিছে। বাক্সা জিলাৰ আৱৰ্ত ভৱনত আজি জিলাখনত চৰকাৰৰ বিভিন্ন কল্যানকামী আঁচনিৰ ফলপ্রসূ ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে বিগত ৫ বছৰত বিটিআৰত শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিছে। চৰকাৰে এতিয়া বিটিআৰক ৰাজ্যৰ সবাতোকৈ উন্নত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ গুৰুত্ব আৰোপ কৰিব...