মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিক স্বাধীন ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি হিচাপে অভিহিত কৰিছে। বাক্সা জিলাৰ আৱৰ্ত ভৱনত আজি জিলাখনত চৰকাৰৰ বিভিন্ন কল্যানকামী আঁচনিৰ ফলপ্রসূ ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে বিগত ৫ বছৰত বিটিআৰত শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিছে। চৰকাৰে এতিয়া বিটিআৰক ৰাজ্যৰ সবাতোকৈ উন্নত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে মুছলপুৰৰ বাক্সা জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পর্যালোচনা বৈঠকত বি টি আৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰববী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই আঁচনিসমূহৰ অধিক সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰে। বৈঠকত বাক্সা আৰু মানস বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ সংখ্যা ৫৯ হাজাৰলৈ বৃদ্ধি কৰাৰ উপৰি সমষ্টি দুটাত নতুনকৈ ৪ হাজাৰ লোকক ৰেচন কাৰ্ড প্ৰদানৰ বিষয়ত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী শৰ্মাই জিলাখনৰ ফাতেমাবাদ আৰু দুমনি চাহ বাগিছাত কৰ্মৰত ৩ হাজাৰ ৭০০ গৰাকী শ্রমিকৰ বাবে আঁচনি ৰূপায়ণৰ অৰ্থে আধাৰ কাৰ্ড থকা শ্ৰমিকৰ সংখ্যা, প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াকে ধৰি বিভিন্ন দিশৰ অগ্ৰগতিৰ খতিয়ান লয়। জিলাখনত বৰ্তমান এক লাখ ২৯ হাজাৰ ৮৬০ গৰাকী ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰা ব্যক্তি আছে। মানস আৰু বাক্সা সমষ্টিত নতুনকৈ ৪ হাজাৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব। চৰকাৰৰ এই কল্যাণমূলক পদক্ষেপৰ জৰিয়তে জিলাখনৰ ১ লাখ ৮০ হাজাৰ পৰিয়াল উপকৃত হ’ব বুলি আশা কৰা হৈছে। আজিৰ সভাত বাক্সা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সেউজ অসম গঢ়াৰ অংশ হিচাপে বাক্সা জিলাৰ আৱৰ্ত ভৱনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে। তেওঁ আৱৰ্ত ভৱনত জিলাখনৰ কেইবাটাও দল-সংগঠনৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে। ড° শৰ্মাই আজি জালাহ লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত বিজেপিৰ কৰ্মী সন্মিলনত ভাগ লয়।