March 18, 2025 6:41 PM
21
শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎসালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎসালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। চিকিৎসালয়খনৰ ৬,৩৩৫ বর্গমিটাৰ এলেকা সামৰি ২৪ কোটি টকা ব্যয়সাপেক্ষে এই ৫০খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ ভৱনটো নিৰ্মাণ কৰা হ'ব। এই ভৱনত অস্ত্ৰোপচাৰ কক্ষ, ডায়েলেছিছ কক্ষ, শিশু চিকিৎসা কক্ষকে ধৰি উন্নত মানৰ সকলো সা-সুবিধা থাকিব। মুখ্যমন্ত্রীয়ে এই ভৱনৰ আধাৰশিলা স্থাপন কৰি শিলচৰত ২০০খন বিছনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে...