September 2, 2024 10:02 AM

views 26

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্রক্রিয়া সন্দৰ্ভত যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে আজিৰ পৰা অহা ৮ ছেপ্তেম্বৰলৈকে সঞ্চালকালয়ৰ পোৰ্টেল dee.assam.gov.in মুকলি কৰিব বুলি ঘোষণা কৰিছে। সঞ্চালকালয়ে এটা নির্দেশনাযোগে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলে প'ৰ...

August 28, 2024 10:10 AM

views 30

ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ’লেই অসম সুৰক্ষিত হ’ব- মুখ্যমন্ত্ৰী

● ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ'লেই অসম সুৰক্ষিত হ'ব বুলি কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বিৰোধী বিধায়কৰ সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ কালি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ব্যর্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ ক...

August 21, 2024 12:01 PM

views 37

কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কাইলৈ কাছাৰত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজনত অংশগ্ৰহণ কৰিব। বৰাক নদীৰ দলংখনে সোণাই আৰু লক্ষীপুৰ চহৰ সৈতে শিলচৰ চহৰৰ সংযোগ স্থাপন কৰিব। এই দলং নিৰ্মাণৰ ফলত ৰূপাইবালি, ছিঙাৰবন্দ, বিন্নাকান্দি, চটামামদা, গোবিন্দপুৰ, আলগাপুৰ আৰু বাগপুৰৰ পৰা শিলচৰলৈ ২৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে ৮৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে। দলংখনৰ নিৰ্মাণে ন্যূনতম মূল্যত বিভিন্ন সামগ্ৰীৰ পৰিবহণ আৰু বিপণ...

July 29, 2024 8:13 PM

views 26

লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজিৰে পৰা দুদিনীয়াকৈ জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰীয়ে ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপ জিলাৰ কাম-কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোকনির্মাণ বিভাগে প্রস্তুত কৰা নক্সা সংশিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ সন্মিলনতে...

July 16, 2024 10:29 AM

views 30

বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে

■ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই সূচকাংক ২০১৮ চনৰ ৪৯ৰ পৰা বৃদ্ধি পাই সম্প্ৰতি ৭১ লৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সামগ্রিকভাৱে দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকও ৭১ নির্ধাৰণ কৰা হৈছে। সেই অনুসৰি অসমে সম্প্ৰতি দেশৰ আগস্থানপ্রাপ্ত ৰাজ্যৰ তালিকাত স্থান লা...

July 11, 2024 9:56 AM

views 43

ৰাজ্যৰ কেবিনেট বৈঠকত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি বৈঠকখনৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে, ৰাজ্যিক কৃষি বিপণন পৰিষদখন স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা পৰিষদৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দৰমহা লাভ কৰা নাই বুলি এইকথা প্ৰকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত পৰিষদৰ ৬১২ গৰাকী নিয়মীয়া কৰ্ম...

June 28, 2024 7:46 PM

views 40

১১১ কোটি টকা ব্যয় সাপেক্ষ ৰবীন্দ্ৰ ভৱনৰ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজুঃ মুখ্যমন্ত্রী

ৰাজ্যৰ কলা আৰু সাংস্কৃতিক চৰ্চাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আন্তঃগাঁথনি উন্নীতকৰণ আৰু পৰিৱৰ্তনশীল সময়ৰ প্ৰয়োজনীয়তা অনুসৰি ১১১ কোটি টকা ব্যয় সাপেক্ষ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।

June 28, 2024 6:10 PM

views 38

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্রয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...

June 21, 2024 12:32 PM

views 48

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশ গ্ৰহণ কৰে। ইপিনে, শোণিতপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে। যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিয়মিত যোগাভ্যাস শৰীৰৰ লগতে ব্যক্তিৰ মনৰো উৎকৰ্ষ সাধন কৰে। লগতে সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে অভিভাৱকসকলক নিজৰ সন্তানকো যোগসাধনাৰ বাবে অনুপ্রাণিত ...

June 15, 2024 11:08 AM

views 33

ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই সন্দৰ্ভত আয়োজিত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, প্রশাসনিক ব্যৱস্থাটোক ৰাজ্যৰ জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰয়াসৰ অংশ হিচাপে এই ক্ষুদ্র সচিবালয় স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক অহা ১৫ আগষ্টৰ ভিতৰত ইয়াৰ কাম- কাজ সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আদিকে ধৰি উজনি অসমৰ জি...