November 5, 2024 8:41 PM

views 42

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়' ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর্পণ কৰাৰ লগে লগে এই উৎসৱৰ সামৰণি পৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নহায় খায় উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, যঠি মৈয়াৰ আশীষেৰে ষট পূজাৰ সকলো আনুষ্ঠানিকত...

November 5, 2024 6:30 PM

views 23

ষট পূজা উপলক্ষে ৰাজ্যবাসীক মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।...

November 5, 2024 2:31 PM

views 42

‘নহায়-খায়’ ৰীতিৰে চাৰিদিনীয়া ষট পূজা আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্রসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর্পণ কৰাৰ লগে লগে এই উৎসৱৰ সামৰণি পৰিব।

November 5, 2024 1:20 PM

views 35

ষট পূজা উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ৰাজ্যবাসীলৈ শুভেচ্ছা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি-নির্দেশনা সন...

November 4, 2024 6:40 PM

views 22

ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনাৰে ডিফু আৱৰ্ত ভৱনত বৈঠক

সমাগত ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি ডিফু আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আয়ুক্তৰ লগতে ডিফু, মাঞ্জা, বকলীয়াঘাট আৰু হাওৰাঘাটৰ ষট পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে পূজা উদযাপন কৰিবলগীয়া স্থানসমূহ মেৰামতি কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তদুপৰি পূজাথলীসমূহত চি চি টি ভি সংস্থাপনৰ লগতে অন্যান্য সতর্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

November 4, 2024 6:38 PM

views 42

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত জিলা পুথিভঁৰালত বিশেষ সভা

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত আজি জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত অৱগত কৰে। পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিশা ৮ বজাৰ পৰা ১০ বজালৈহে ফটকা ফুটুৱাত অনুমতি প্ৰদান কৰা হৈছে। চূণচালি ঘাটতো বিশেষ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।...

November 4, 2024 6:35 PM

views 36

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে'লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু ...

November 2, 2024 5:36 PM

views 36

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰেলগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰেলগাড়ীসমূহ নতুন দিল্লীৰ আনন্দ বিহাৰ আৰু নিজামদ্দিন ৰে’ল ষ্টেচনৰ পৰা চলাচল কৰিব। আকাশবাণীৰ আগত মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি উৎসৱৰ বতৰত দিল্লী অঞ্চলৰ প্ৰধান প্ৰধান ৰে’ল ষ্টেচনসমূহৰ পৰা উত্তৰ ৰে’লৱেই ৩,২০০ৰো অধিক বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে।