October 28, 2025 11:01 AM

views 42

ষট্ পূজা উপলক্ষে উত্তৰ-ভাৰতীয় লোকসকলৰ বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা

■ ষট্ পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলে বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা কৰিবলৈ সমবেত হয়। কালি নিশাটো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্য্যক প্রণাম কৰি পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ লগে লগে আজি পূজাৰ সামৰণিও পৰে। অসমৰ বিভিন্ন জিলাত এই পূজা অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ কছাৰীঘাটত কালি বিয়লিৰ পৰা অগণন লোকে ফল-মূল, পিঠাপনা আদি আগবঢ়াই অস্তমিত সূৰ্য্য দেৱতাক আৰাধনা কৰি আজি পুৱা উদিত স...

October 27, 2025 7:44 PM

views 63

ষট্ পূজা উপলক্ষে ৰাষ্ট্ৰপতি-উপ-ৰাষ্ট্ৰপতিৰ দেশবাসীক শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ষট্ পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে কয়, যে এই উৎসৱে সূৰ্য দেৱতা আৰু ষষ্ঠী মাইয়াক পূজা কৰা তথা প্ৰকৃতি মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুবিধা দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে এই উৎসৱে জনসাধাৰণক সূৰ্য দেৱতা আৰু ষষ্ঠী ম...

October 27, 2025 6:14 PM

views 60

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ষট্ পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পৱিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যাত্মিক প্রমূল্যক প্রতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্রকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ষট্ পূজা পালন কৰা হৈছে। শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বৰম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ বিভিন্ন ঘাট সজাই তোলা হৈছে। কাছাৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপ...

October 27, 2025 11:58 AM

views 85

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন, জনসাধাৰণলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰশুভেচ্ছা জ্ঞাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই ষট্ পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পৱিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যাত্মিক প্রমূল্যক প্রতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ষট্ পূজা পালন কৰা হৈছে। শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ বিভিন্ন ঘাট সজাই তোলা হৈছে। কাছাৰ জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক...

October 26, 2025 7:12 PM

views 38

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ; মহানগৰীত যানবাহন চলাচলত প্ৰশাসনৰ নীতি-নির্দেশনা জাৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ অন্যতম প্রাচীন উৎসৱ ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নির্দেশনাসমূহ কার্যকৰী হ'ব। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্রী পৰিবাহী গধূৰ বাণিজ্যিক বাহন আৰু অন্য গধুৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া ...

October 26, 2025 12:29 PM

views 59

ষট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপআয়ুক্তৰ সোমবাৰ আৰু মঙলবাৰলৈ মহানগৰীত যানবাহন চলাচলত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

ষট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপআয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ'ব। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধূৰ বাণিজ্যিক বাহন আৰু অন্য গধূৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া বাহনসমূহ চলাচলত অনুমতি দিয়া হ'ব। ঠেলা, ৰিক্সা, ঘোঁৰাগাড়ীকে ধৰি লঘু বাহনসমূহ মাছখোৱাৰ পৰা মুখ্য ...

November 7, 2024 9:09 PM

views 54

ধৰ্মীয় ৰীতি-নীতিৰে ষট পূজাৰ তৃতীয় দিনত ভক্তসকলে অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়

সূৰ্য দেৱতাক ধৰ্মীয় ৰীতি-নীতিৰে আৰাধনা কৰি কল্যাণ কামনাৰে সম্পন্ন কৰা ষট পূজাৰ আজি তৃতীয় দিনা ভক্তসকলে নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ ঘাটসমূহত অগণন ভক্তৰ সমাগম হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ষট্ পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতিয়ে এটা বার্তাযোগে কয় যে ষট পূজা দেশৰ প্ৰাচীন উৎসৱসমূহৰ অন্যতম আৰু সূৰ্য দেৱতাৰ উপাসনা...

November 7, 2024 1:09 PM

views 40

ষট পূজা উপলক্ষে ৰাজ্যবাসীক মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি ষট পূজাৰ তৃতীয় দিন। এই উপলক্ষে ভক্তসকলে বিভিন্ন নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰ...

November 6, 2024 1:32 PM

views 46

ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।...

November 6, 2024 12:58 PM

views 65

ষট পূজা উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে।