June 4, 2025 11:48 AM

views 14

ছিকিমৰ লাচেন আৰু চাতেনত ভূমিস্খলন, উদ্ধাৰ অভিযান পুনৰ আৰম্ভ

ছিকিমৰ লাচেন আৰু চাতেনত আজি পুৱাৰে পৰা উদ্ধাৰ অভিযান পুনৰ আৰম্ভ হৈছে। কালি বায়ুসেনা বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে ৰাজ্যখনৰ মাংগন জিলাত প্রবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত আৱদ্ধ হৈ পৰা ৩৪জন লোকক উদ্ধাৰ কৰে। সেনাবাহিনীয়ে লাচেন আৰু চাতেনৰ মাজত এটা পথ নিৰ্মাণ কৰি চাতেন হেলিপেডৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ চলোৱাৰ চেষ্টা কৰে। মাংগনৰ উপায়ুক্ত অনন্ত জৈনে প্রকাশ কৰা মতে লাচেনত এতিয়াও প্রায় ১৩০ জন পর্যটক আবদ্ধ হৈ আছে। তেওঁলোক বর্তমান নিজ নিজ হোটেলত সুৰক্ষিত অৱস্থাত আছে বুলি উপায়ুক্তগৰাক...