ডাউনলোড
মোবাইল এপ

android apple
signal

ছিকিমৰ লাচেন আৰু চাতেনত ভূমিস্খলন, উদ্ধাৰ অভিযান পুনৰ আৰম্ভ

ছিকিমৰ লাচেন আৰু চাতেনত আজি পুৱাৰে পৰা উদ্ধাৰ অভিযান পুনৰ আৰম্ভ হৈছে। কালি বায়ুসেনা বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে ৰাজ্যখনৰ মাংগন জিলাত প্রবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত আৱদ্ধ হৈ পৰা ৩৪জন লোকক উদ্ধাৰ কৰে। সেনাবাহিনীয়ে লাচেন আৰু চাতেনৰ মাজত এটা পথ নিৰ্মাণ কৰি চাতেন হেলিপেডৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ চলোৱাৰ চেষ্টা কৰে। মাংগনৰ উপায়ুক্ত অনন্ত জৈনে প্রকাশ কৰা মতে লাচেনত এতিয়াও প্রায় ১৩০ জন পর্যটক আবদ্ধ হৈ আছে। তেওঁলোক বর্তমান নিজ নিজ হোটেলত সুৰক্ষিত অৱস্থাত আছে বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে লাচেনত মোবাইল যোগাযোগ ব্যাহত হৈছে যদিও এন ডি আৰ এফৰ ছেটেলাইট ফোনৰ জৰিয়তে সংযোগ ৰখা হৈছে। ছিকিমৰ পৰ্যটন বিভাগে ভূমিস্খলনৰ বাবে লাচেন আৰু লাচুঙলৈ যোৱা পথ সাময়িকভাৱে বন্ধ ৰখা হৈছে বুলি এটা নির্দেশনা জাৰি কৰিছে। অৱশ্যে ৰাজ্যখনৰ অন্যান্য ঠাইসমূহ ভ্ৰমণ কৰাত কোনো অসুবিধা নাই বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। ছিকিমৰ ৰাজ্যপাল ওম প্রকাশ মাথুৰে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি গেংটক জিলাৰ চিংথাম এলেকা পৰিদৰ্শন কৰে। তেওঁ স্থানীয় ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ উপৰি প্ৰশাসনক যাৱতীয় সহায়-সহযোগ আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক