November 10, 2025 6:26 PM

views 36

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে অহা ২৫ নৱেম্বৰত আৰম্ভ ...

July 24, 2025 8:10 PM

views 11

চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ

সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ হৈছে। সাপেখাটি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত চাৰিদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ প্ৰায় ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্রাক্তন সাংসদ তপন কুমাৰ গগৈয়ে পতাকা উত্তোলন কৰা প্ৰতিযোগিতাখনৰ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভ উদ্বোধন কৰে। প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা লাভ কৰিব।

June 19, 2025 7:11 PM

views 34

চৰাইদেউ জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিশু সুৰক্ষা গোটৰ সহযোগত আজি জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি কৰা হয়। এই কক্ষটোত শিশু ওমলা ঘৰ আৰু মাতৃ দুগ্ধপানৰ সুবিধাও থাকিব। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এই কক্ষৰ দ্বাৰ মুকলি কৰে। জিলা আয়ুক্ত কাৰ্যালয়লৈ অহা মাতৃ আৰু শিশুসকলৰ সুবিধা হোৱাকৈ এই ব্যৱস্থা কৰা হৈছে। এই কক্ষই মহিলাৰ প্ৰাপ্য মর্যাদা প্ৰদান কৰিব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

May 19, 2025 8:37 PM

views 26

চৰাইদেউত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ড

চৰাইদেউ জিলাৰ সোণাৰিত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত আজি ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হয়। চৰাইদেউ জিলাৰ ন্যায়িক আদালতে আজি এই ঐতিহাসিক ৰায় দিয়ে। উল্লেখযোগ্য যে ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত চৰাইদেউৰ জলহা গাঁৱত একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণত ফুলেশ্বৰী হালোৱা নামৰ মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ এই লোকসকলে মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰি অগ্নি সংযোগ কৰি হত্যা কৰিছিল। মহিলাগৰাকীৰ পুত্ৰই সোণাৰি থানাত দিয়া এজাহাৰ...

May 1, 2025 7:47 PM

views 26

পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ ব্যাপক ব্যৱস্থা

চৰাইদেউ জিলাত নিৰ্বাচনী প্রক্রিয়া শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম-অৰুণাচল আৰু অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। বিশ্বনাথ জিলাৰ ৭৪৭টা ভোটকেন্দ্ৰত ৪ লাখ ৭৪ হাজাৰ ৯২৭ গৰাকী ভোটদাতাই ১৩১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। জিলাখনত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৩৬ গৰাকী মাণ্ডলিক, ৭৪ গৰাকী ছেক্টৰ, ৮৯৬ গৰাকী প্রিজাইডিং আৰু ২,৬৮৮ গৰাকী প’লিং বিষয়া নিয়োগ কৰা হৈছে। শ্রীভূমি জিলাত পঞ্চায়ত...

May 1, 2025 12:14 PM

views 19

চৰাইদেউ জিলাৰ ক্রীড়া সংগঠক অঞ্জলী মোহন চেতিয়াক ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান

চৰাইদেউ জিলাৰ বিশিষ্ট ক্রীড়া সংগঠক তথা সমাজ সেৱিকা অঞ্জলী মোহন চেতিয়াক টাই-আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে কালি ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে। এই বঁটাত আছে এখন চেলেং, গামোচা, জাপি, এখন হেংডাং, সম্বর্ধনা পত্ৰ আৰু এটা স্মাৰক পত্ৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি ব্লক চেন মৌং শীর্ষক স্মৃতিগ্রন্থ যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দেৱব্ৰত শৰ্মাই উন্মোচন কৰে।

January 31, 2025 10:51 AM

views 31

আজি মে-ডাম-মেফি

● আজি মে-ডাম-মেফি৷ আহোম জনগোষ্ঠীয় লোকসকলে পৰম্পৰা ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান পালন কৰে।টাই-আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্রশাসন তথা বৃহত্তৰ কেন্দ্রীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্রী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে এই অনুষ্ঠান পালন কৰা হ'ব। দিনৰ ১ বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক ...

January 8, 2025 8:52 PM

views 13

২৯ জানুৱাৰীত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৯ জানুৱাৰীত সোণাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিবলগীয়া যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত এনে যুৱ সংসদ অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাতো এই সংসদৰ আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক সংসদৰ গুৰুত্ব আৰু গৰিমা, সংসদীয় কার্যপ্রণালী, বিভিন্ন নিয়মাৱলী, প্রয়োজনীয় আচাৰ-ব্যৱহাৰ আদি সম্পৰ্কে ব্যৱহাৰিক আভাস দিয়াৰ ...

December 8, 2024 6:24 PM

views 26

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰাৰ পাছতে মৈদামটোত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ বিগত অক্টোবৰৰ পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ ইটালী, স্পেইন, থাইলেণ্ড, আমেৰিকাকে ধৰি বিভিন্ন দেশৰ পৰ্যটকৰ আগমন ঘটিছে। মৈদামৰ স্থাপত্যকলা আৰু প্ৰাকৃতিক সৌন্দৰ্যই বিদেশী পর্যটকসকলকো আপ্লুত কৰিছে। ইটালীৰ এদল পৰ্যটকক লৈ চৰাইদেউ মৈদামলৈ অহা এগৰাকী ট্যুৰিষ্ট গাইডে সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি আপ্লুত হৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰ্যটকক চৰাইদেউ ভ্ৰমণৰ বাবে আহ্বান জনাইছে।

November 28, 2024 7:50 PM

views 12

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শ‍ইকীয়াৰ অধ্যক্ষতাৰ এই নিৰীক্ষণ সমিতিয়ে আজি ডিমৌত নির্মীয়মান ৰাইছাই গ্ৰাম্য ষ্টেডিয়াম, লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান ষ্টেডিয়াম সংযোগী পথৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। সমিতিৰ সদস্যসকলে ৰুদ্ৰসাগৰত চলি থকা ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰে। ৭ গৰাকী সদস্য বিশিষ্ট এই সমিতিয়ে আজি জিলা দুখনৰ নির্মাণকার্য চলি থকা স্থানসম...