September 22, 2024 11:35 AM

views 11

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰাৰ লগতে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ পৰীক্ষা পৰিচালনা কৰা কেইবাজনো বিষয়া উপস্থিত থাকে। নিয়োজিত বিষয়াসকলক নিজ নিজ দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়।

September 8, 2024 7:20 PM

views 35

চৰাইদেউ জিলাৰ মথুৰাপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত

চৰাইদেউ জিলাৰ মথুৰাপুৰ গ্ৰাম্য ক্রীড়া প্ৰকল্প খেলপথাৰত আজি অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ মুঠ ৩৮০ জন বিষয়ববীয়া উপস্থিত থকা এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকে ধৰি সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু সভাপতি ভূপেন বৰা তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শ‍ইকীয়া আদিয়ে অংশগ্রহণ কৰে। ইয়াৰ পাছতে এখন সংবাদমেলত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই আজি পুনৰ কংগ্ৰেছ দলত যোগদান কৰে।

August 2, 2024 12:18 PM

views 54

চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ সুবিধাৰ্থে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পাছতে চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ বাবে থকামেলাৰ পৰ্যাপ্ত সুবিধা উপলব্ধ কৰোৱাৰ লক্ষ্যৰে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আশেপাশে হোম ষ্টে নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে। এই আঁচনি আধাৰশিলা স্থাপন কৰি কালি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰাৰম্ভিক পৰ্যায়ত মৈদামৰ সমীপৱৰ্তী অঞ্চলত ১০ টাকৈ হোম ষ্টে নিৰ্মাণ কৰাৰ লক্ষ্য লোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, আঁচনিখনৰ অধীনত চ...

July 28, 2024 6:37 PM

views 60

চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি প্রধানমন্ত্ৰীয়ে কয় যে, চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্রথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্রীমোদীয়ে কয় যে, চৰাইদেউ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী। আহোম ৰাজবংশই পৰম্পৰাগতভাৱে ...

June 13, 2024 6:57 PM

views 36

চৰাইদেউত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ

চৰাইদেউ জিলাত কৃষি বিভাগৰ উদ্যোগত গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ চলি আছে। যিসকল কৃষকে পি এম কিষাণ প'ৰ্টেলত ই কে ৱাই চি সম্পন্ন কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ সংলগ্ন কৰা নাই, তেওঁলোকক ডাকঘৰৰ ইণ্ডিয়ান পোষ্ট পেইমেণ্ট বেংকত একাউণ্ট খুলিবলৈ বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। লগতে যিসকল কৃষকে পি এম কিষাণ প’ৰ্টেলত আধাৰ সংযুক্ত কৰা নাই তেওঁলোকক গ্রাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সংযুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য ...