December 29, 2025 4:34 PM

views 33

চি বি এছ ইয়ে চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব

● কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ-চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে প'ৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষাৰ্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰি...

May 4, 2024 12:20 PM

views 38

২০ মে’ৰ পিছত ঘোষণা কৰা হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

♦ কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০ মে'ৰ পাছত ঘোষণা কৰা হ’ব। শুকুৰবাৰে চি বি এছ ইয়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে। এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ ফলাফল একেটা দিনতেই ঘোষণা কৰা হ’ব। পৰীক্ষাৰ ফলাফল চি বি এছ ইৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে এইবাৰৰ চি বি এছ ইব বোর্ড পৰীক্ষাত মুঠ ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

April 6, 2024 12:44 PM

views 44

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত সাল-সলনি

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল-সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্রশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীত বহুবিকল্প প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্রশ্নসমূহ পূৰ্বৰ ৪০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ২০২৪-২৫ শিক্ষা বৰ্ষত চমু তথা দীঘলীয়া উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ ৪০ শতাংশৰ পৰা ৩০ শতাংশলৈ...