December 6, 2024 10:36 AM December 6, 2024 10:36 AM
22
বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ ২জন নতুন কাৰ্যবাহী সদস্য মনোনীত ৰাজ্যপালৰ
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ দুজন নতুন কাৰ্যবাহী সদস্য মনোনীত কৰিছে। এওঁলোক হৈছে সজল কুমাৰ সিংহ আৰু ছাইকং বসুমতাৰী। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ পৰামৰ্শ অনুসৰি এই দুজন সদস্যক কার্যবাহী সদস্যৰূপে নিযুক্তি দিয়া হৈছে। এই নতুন অন্তৰ্ভুক্তিৰ ফলত বি টি চিত বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব বৃদ্ধি পোৱাৰ লগতে কাৰ্যবাহী পৰিষদৰ কার্যক্ষমতা অধিক বৃদ্ধি পাব বুলি আমাৰ কোকৰাঝাৰৰ সংবাদদাতাই জনাইছে।