November 22, 2025 7:08 PM November 22, 2025 7:08 PM

views 7

তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠিত

দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি পৰিবেশ নিকাকৰণ, পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি নিবেদন আদিৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বিদ্যালয়খন প্ৰতিষ্ঠাৰ ৭৫ বছৰৰ সৈতে সংগতি ৰাখি আজি ৭৫খন পতাকাও উত্তোলন কৰা হয়।

October 13, 2025 1:11 PM October 13, 2025 1:11 PM

views 8

বৰপেটাৰ আতচবাজী শিল্পক জীয়াই ৰাখিবলৈ ৰাজ্য বাসীলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

উৎসৱৰ বতৰৰ পৰিপ্ৰেক্ষিতত ড০ শৰ্মাই বৰপেটাৰ আতচবাজী শিল্পক জীয়াই ৰাখিবলৈও সামাজিক মাধ্যমযোগে ৰাজ্য বাসীলৈ আহ্বান জনায়। সমাগত দিপাৱলীত থলুৱা আতচবাজী ফুটাই ব্যৱসায়ীসকলক উৎসাহিত কৰা উচিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত একাংশ সংগঠনে শব্দহীন দীপাৱলী পালন কৰিবলৈ আহ্বান জনোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। থলুৱা পাইকাৰী ফটকা ব্যৱসায়ীসকলে সংগঠনসমূহক আহ্বান প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে। খিলঞ্জীয়া ব্যবসায়ী সন্থাৰ হৈ ব্যৱসায়ী জিতেন্দ্র শালৈয়ে ...

October 10, 2025 6:53 PM October 10, 2025 6:53 PM

views 11

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উলহ-মালহেৰে পালন

বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি আজি সত্ৰখনত কীৰ্তন মহোৎসৱৰূপে উলহ-মালহেৰে পালন কৰা হয়। এই উপলক্ষে নিয়মীয়া প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ হিচাপে ঘোষা কীর্তন, গায়ন-বায়ন আদি পৰিৱেশন কৰা হয়। বিয়লি সত্ৰখনৰ অধীনত নহাটীৰ ভকতসকলে পৰম্পৰাগতভাৱে কৰভাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে বৰপেটা সত্ৰ যি নীতি-নিয়মৰ মাজেৰে পৰিচালিত হৈ আহিছে, সেই পৰম্পৰা মথুৰা দাস বুঢ়া আতাই আৰম্ভ কৰিছিল। তদুপৰি বৰপেটাত হাটীয়াৰ ব্যৱস্থা আৰু হাটীসমূহত বেংক ব্যৱস্থা প্ৰৱৰ্তন কৰি সত্ৰ নগৰীখন সম...

September 9, 2025 7:04 PM September 9, 2025 7:04 PM

views 32

দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰীলৈ বৰপেটা জিলা সমিতিৰ স্মাৰক-পত্ৰ প্ৰেৰণ

অসমত দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা আৰু দিব্যাংগসকলৰ মাহিলী পেন্সনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আজি বৰপেটা জিলা দিব্যাংগ সন্থাৰ বৰপেটা জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। বৰপেটা জিলা দিব্যাংগ সন্থাৰ সম্পাদক অনন্ত ডেকাই ভাৰতৰ আনবোৰ ঠাইত বর্তমানে চলি থকা এই আঁচনিখন অসমতো পুনৰ প্ৰৱৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে। একেদৰে মাহিলী ভাট্টাৰ পৰিমাণো বৰ্তমানৰ এহেজাৰ টকাৰ পৰিৱৰ্তে ৫ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ সন্থাই স্মাৰক পত্ৰৰ জৰিয়তে আহ্বা...

August 27, 2025 8:12 PM August 27, 2025 8:12 PM

views 12

উদ্যোগ বিভাগৰ সহযোগত বৰপেটাত হস্ততাঁত কর্মশালা অনুষ্ঠিত

বৰপেটা জিলাৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ লগত জড়িত উদ্যোগী আৰু শিল্পীসকলক আগবঢ়াই নিয়াৰ লক্ষ্যৰে আজি এখন কর্মশালা অনুষ্ঠিত হয়। উদ্যোগ বিভাগৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ জৰিয়তে ২৫০ গৰাকী উদ্যোগী তথা শিল্পীক হস্ততাঁত আৰু হস্তশিল্প খণ্ডত সফলতাৰ দিশত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হ'ব। বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক অৰূপ কুমাৰ ডেকাই উদ্যোগী আৰু শিল্পীসকলক চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰি কেনেদৰে আগবাঢ়ি ...

July 3, 2025 7:03 PM July 3, 2025 7:03 PM

views 20

বৰপেটাৰ বনগঞাগিৰি আশ্ৰমত কাইলৈৰ পৰা ৯ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন

বৰপেটাৰ বহৰি সত্ৰৰ বনগঞাগিৰি আশ্ৰমত কাইলৈৰ পৰা ৯ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। ঊষা কীৰ্তন আৰু ধৰ্মধবজা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া ভাগৱত পাঠৰ কাৰ্যসূচীত বান্দালি সত্ৰৰ সত্ৰাধিকাৰ দ্বীজেন্দ্ৰ নাথ গোস্বামীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত ধর্মালোচনা সভাৰ লগতে ভাগৱতৰ ব্যাখ্যাৰ ব্যৱস্থাও কৰা হৈছে।

June 7, 2025 7:47 PM June 7, 2025 7:47 PM

views 12

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আঁতাৰ দুদিনীয়াকৈ অনুষ্ঠিত জন্মোৎসৱ কাৰ্যসূচীৰ সামৰণি

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আঁতাৰ দুদিনীয়াকৈ অনুষ্ঠিত জন্মোৎসৱ কাৰ্যসূচীৰ আজি সামৰণি পৰে। সত্ৰখনৰ চৌহদত কালিৰে পৰা অনুষ্ঠিত এই জন্মোৎসৱ উপলক্ষে নিতৌ চৈধ্য প্ৰসংগৰ উপৰি ধৰ্মালোচনী সভাও অনুষ্ঠিত কৰা হয়। আনহাতে, থুল দক্ষিণহাটিৰ গায়ন বায়নসকলে গুৰু আসনৰ সন্মুখত সৰু ধেমালী পৰিবেশন কৰে। বিয়লি সত্ৰৰ টুপৰ চোতালত আয়সকলৰ নাম অনুষ্ঠিত হয়।

May 22, 2025 8:20 PM May 22, 2025 8:20 PM

views 12

বৰপেটা জিলাত গাহৰি মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ জিলা প্ৰশাসনৰ

বৰপেটা জিলাৰ নিজ চেঙা গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য লাভ কৰাৰ পাছতো জিলা প্ৰশাসনে জিলাখনত গাহৰিৰ সৰবৰাহ আৰু গাহৰি মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি এই তথ্য নিশ্চিত কৰাৰ পাছতেই জিলাখনৰ ভাৰপ্ৰাপ্ত আয়ুক্তই অসম মহামাৰী আইন ২০২৩ অনুসৰি কঠোৰ নিৰ্দেশনা জাৰি কৰে। অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথেৰে গাহৰিৰ পৰিবহন অব্যাহত থাকিব। এই ৰোগৰ সংক্ৰমণ হোৱা অঞ্চলৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধত জনসমাবেশতো বাধা আৰোপ কৰা হৈছে। বৰপেটাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াই প্...

April 4, 2025 12:40 PM April 4, 2025 12:40 PM

views 9

বজালী আৰু বৰপেটাত হোৱা অগ্নিকাণ্ডত বিস্তৰ এলেকাৰ ক্ষয়-ক্ষতিৰ লগতে বহু মূল্যৱান সামগ্ৰী জুইত জাহ

বজালীৰ পাঠশালাৰ নিকতৱৰ্তী মুগুৰীয়াত কালি নিশা হোৱা অগ্নিকাণ্ডত বিস্তৰ এলেকাৰ বাঁহ তথা তামোলৰ বাৰীৰ লগতে বহু মূল্যবান গছ জাহ যায়। কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ পাছত বিস্তৃর্ণ অঞ্চল জুইয়ে চানি ধৰাত অগ্নি নির্বাপক বাহিনীৰ তিনিখন বাহনৰ সহায়ত অগ্নি নির্বাপনৰ চেষ্টা চলোৱা হ'ব। ইপিনে, বৰপেটাৰ কয়াকুছিতো যোৱা নিশা হোৱা অগ্নিকাণ্ডত এশৰো অধিক বিপণী জাহ যায়। কয়াকুছি বজাৰত নিশা প্ৰায় ২ বজাত জুইৰ সূত্ৰপাত ঘটাত স্থানীয় জনসাধাৰণৰ লগতে অগ্নি নির্বাপক বাহিনীয়েও জুই নুমাবলৈ চেষ্টা চলায়। ঘটনাত কোনো লো...

March 18, 2025 12:13 PM March 18, 2025 12:13 PM

views 18

বৰপেটাৰ হোলী গীতৰ সমূহীয়া পৰিৱেশনৰ জৰিয়তে অভিলেখ গঢ়িবলৈ প্ৰয়াস ৰাজ্য চৰকাৰৰ

বৰপেটাৰ হোলী গীতৰ সমূহীয়া পৰিৱেশনৰ জৰিয়তে অভিলেখ গঢ়িবলৈ চৰকাৰে প্ৰয়াস কৰিব। ফে'চবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে গুৰু দুজনাৰ পৱিত্ৰ স্পৰ্শৰে এতিয়াও পাটবাউসী, দামোদৰদেৱ আৰু বৰপেটা সত্ৰ তথা বৰদোৱা থান জীপাল হৈ আছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অহা বছৰ দৌল উৎসৱৰ সময়ত সমূহীয়া হোলী গীত পৰিৱেশনৰ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, এইবাৰৰ দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰ পৰিদৰ্শন কা...