November 22, 2025 7:08 PM
15
তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠিত
দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি পৰিবেশ নিকাকৰণ, পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি নিবেদন আদিৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বিদ্যালয়খন প্ৰতিষ্ঠাৰ ৭৫ বছৰৰ সৈতে সংগতি ৰাখি আজি ৭৫খন পতাকাও উত্তোলন কৰা হয়।