February 25, 2025 7:59 PM

views 18

অশোক কুমাৰ দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ

বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে হত্যাৰ অপৰাধত আজি অশোক কুমাৰ দাস নামৰ এজন লোকক ১০ হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। জৰিমনা আদায় নিদিলে অপৰাধীয়ে অতিৰিক্ত ছমাহ সশ্ৰম কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায়ত উল্লেখ কৰে। উল্লেখযোগ্য যে বৰপেটাৰ পালাংদিহাতীৰ বাসিন্দা দাসে ২০১৭ চনৰ ৮ আগষ্টত পত্নীক হত্যা কৰিছিল। হত্যাৰ গোচৰটোৰ কেইবালানি শুনানিৰ অন্তত উপযুক্ত তথ্য-প্রমাণৰ ভিত্তিত লোকজনক দোষী সাব্যস্ত কৰি আদালতে শাস্তিৰ ৰায় দিয়ে।

January 18, 2025 7:26 PM

views 24

বৰপেটাত আজিৰে পৰা দ্বিতীয় বার্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা তিনিদিনীয়াকৈ শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত দ্বিতীয় বার্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এই সমাৰোহৰ মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। ইয়াৰ লগতে অধিবক্তা দীপক দাসে ভাওনা সমাৰোহৰ স্মৃতি তৰ্পণ কৰে।

November 22, 2024 8:08 PM

views 18

বৰপেটাত জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত

বৰপেটা জিলা প্ৰশাসনে জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত ৰাখিছে। দায়িত্বপ্রাপ্ত বিষয়াসকলে ক্ষেত্ৰ পৰিদৰ্শন কৰি আঁচনি পৰিচালনাৰে জড়িত জল ব্যৱহাৰকাৰীক সমিতিসমূহৰ কাম-কাজৰ মূল্যায়ন কৰিছে বুলি আজি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সদৰি কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই আজি ঔমুৰা পানীযোগান আঁচনি পৰিদৰ্শন কৰি প্ৰকল্পটোৰ প্ৰাৰম্ভিক মূল্যায়ন কৰে। এই মূল্যায়নত পানীযোগানৰ ধাৰাবাহিকতা আৰু মান, শুল্ক সংগ্ৰহ আদি দিশবোৰ পৰীক্ষা কৰা হয়। জিলা আয়ুক্তগৰাকীয়...

November 22, 2024 6:50 PM

views 21

হাউলীৰ কৃষি বিজ্ঞান কেন্দ্ৰত আজি কৰ্মশালাৰ আয়োজন

বৰপেটা জিলাৰ ষ্ট্ৰ’ব্ৰেৰীৰ খেতিয়কসকলৰ উৎপাদিত ফচল যাতে বজাৰৰ অভাৱত নষ্ট নহয়, তাৰ বাবে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰই বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ অংশ হিচাপে হাউলীৰ কৃষি বিজ্ঞান কেন্দ্ৰত আজি কৰ্মশালাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত সমীৰ চৌধুৰী নামৰ উদ্যোগী এজনে শুকান ষ্ট্ৰ’বেৰীৰ উৎপাদন আৰম্ভ কৰিছে। সমীৰ চৌধুৰীয়ে উৎপাদন কৰা শুকান ষ্ট্ৰ’বেৰীয়ে ইতিমধ্যে গ্রাহকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। সেয়েহে জিলাখনৰ ষ্ট্ৰ’বেৰীৰ উৎপাদকসকলক বজাৰৰ লগত সংযোগ কৰি দিয়া, শুকান...

October 22, 2024 6:05 PM

views 20

বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰী সভা

বৰপেটা জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন জৰুৰী সভা জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই সভাত দুৰ্যোগৰ সময়ত ক্ষিপ্ৰতাৰে ল'বলগীয়া সিদ্ধান্ত আৰু গ্ৰহণ কৰিবলগীয়া অন্যান্য ব্যৱস্থা সম্পর্কে আলোচনা কৰা হয়। এই বৈঠকত ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ পুঁজি চমুকৈ এছ ডি আৰ এফ আৰু ৰাজ্যিক দুর্যোগ প্রশমন পুঁজিৰ প্ৰস্তাৱসমূহত অনুমোদন জনোৱাৰ লগতে দুর্যোগ ব্যৱস্থাপনা বিষয়ত বিতংভাৱে আলোচনা কৰা হয় ৷ বৈঠকখনত লগতে জিলাখনত দুৰ্যোগৰ সময়, সুৰক্ষা আৰু প্ৰস্তুতি সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি সাহায্য অভি...

October 1, 2024 7:04 PM

views 22

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক, বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ লগতে পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ কুমাৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত কালি ১৫ টা সমষ্টিৰে গঠিত পৰিচালনা সমিতিৰ সদস্য আৰু বুঢ়া সত্ৰীয়া পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়া আৰু সত্ৰ পৰিচাল...

September 14, 2024 6:55 PM

views 17

সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ বৰপেটা জিলা প্রশাসনৰ উদযাপন সমিতিসমূহক আহ্বান

বৰপেটা জিলাত সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ জিলা প্রশাসনে উদযাপন সমিতিসমূহক আহ্বান জনাইছে। এই উদ্দেশ্যে জিলাখনৰ আটাইকেইখন পৌৰসভাৰ কাৰ্যবাহী বিষয়াই উদযাপন সমিতিসমূহৰ লগতে ৰাইজকো এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা, বটল আদি পূজাথলীত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ বাৰ্তা সমাজক দিবলৈ আৰু পূজাথলীত তেনে সামগ্ৰী ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত উদ্যোক্তাসকলক আগতীয়াকৈ সজাগতা সৃষ্টিৰ পৰামৰ্শৰ বাবেও জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশে জাননী আগবঢ়াইছে।

August 22, 2024 6:15 PM

views 24

বৰপেটাৰ কেন্সাৰ কেয়াৰ প্ৰতিষ্ঠানত অত্যাধুনিক পেট চিটি স্কেন মেচিন সংস্থাপন

টাটা ন্যাস আৰু অসম চৰকাৰৰ উদ্যোগত বৰপেটাত স্থাপন কৰা কেন্সাৰ কেয়াৰ প্ৰতিষ্ঠানত আজি এটা অত্যাধুনিক পেট চিটি স্কেন মেচিন সংস্থাপন কৰা হয়। কৰ্কট ৰোগৰ উপৰি ৰোগীয়ে দীৰ্ঘদিন ধৰি ভুগি থকা বিভিন্ন ৰোগৰ সঠিক আৰু দ্ৰুত চিনাক্তকৰণৰ বাবে সংস্থাপন কৰা এই মেচিনটো আজি অসম কেন্সাৰ কেয়াৰ সংস্থাৰ মুখ্য পৰিচালন বিষয়া ডা০ জয়প্রকাশ প্ৰসাদে ৰাইজৰ বাবে মুকলি কৰে। এই মেচিনটো সংস্থাপনৰ ফলত বৃহৎ সংখ্যক লোক উপকৃত হ'ব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।

May 15, 2024 8:08 PM

views 15

সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণগুৰুৰ ৯০ সংখ্যক আৱিৰ্ভাৱ তিথি পালন

বৰপেটাৰ জিলাৰ সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আজি কৃষ্ণগুৰুৰ ৯০ সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰা হয়। নসত্ৰৰ মূল সেৱাশ্ৰমৰ লগতে দেশ-বিদেশৰ ১০৪খন শাখা সেৱাশ্ৰমতো আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। নসত্ৰৰ সেৱাশ্ৰমখনত আজি বাৰ ঘণ্টীয়া অখণ্ড পালনাম আয়োজন কৰাৰ উপৰি আধ্যাত্মিক শোভাযাত্রাও উলিওৱা হয়। এই শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা কৃষ্ণগুৰুৰ শিষ্য তথা ভকতসকলে অংশগ্ৰহণ কৰে।