September 11, 2024 1:19 PM

views 26

বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰত ২ কোটিৰো অধিক নতুন সদস্য অন্তৰ্ভুক্ত

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰতে ২ কোটিৰো অধিক নতুন সদস্য দলত অন্তৰ্ভুক্ত হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২ ছেপ্তেম্বৰত সদস্য-পদ গ্রহণ কৰি এই অভিযানৰ আৰম্ভ কৰিছিল। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাওড়েই এটা বিবৃতিযোগে কৈছে যে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক এন সন্তোষে সুকীয়া সুকীয়াকৈ উত্তৰ প্ৰদেশ, বিহাৰ, ছত্তিশগড়, মধ্য প্রদেশ, ওড়িশা, কর্ণাটক, তামিলনাড়ু, গুজৰাট আৰু ৰাজস্থানৰ ক...

September 7, 2024 9:11 PM

views 16

হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা বিজেপিৰ

বিজেপিয়ে হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি কৈছে যে, বিৰোধী মিত্ৰজোটটোৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত মিত্রতা স্থাপন হ'ব পাৰে বুলি চলা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ মুখপাত্র শ্বেহজাদ পুণেৱালাই আজি নতুন দিল্লীত কয় যে, পাঞ্জাৱত আম আদমী পাৰ্টী আৰু কংগ্ৰেছ পৰস্পৰৰ বিৰোধী। পূৰ্বতে দিল্লীত মিত্রতা স্থাপন কৰা কংগ্ৰেছ আৰু আম আদমী পাটীৰ মাজত দেখা দিয়া অনিশ্চয়তাই দল দুটাৰ হতাশাকে প্রতিফলিত কৰিছে বুলি ম...

September 6, 2024 8:41 PM

views 23

চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সম্বিত পাত্ৰাই কয় যে, ঘটনাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃয়ে জিলাধিপতিয়ে ধনৰ প্ৰস্তাৱ দিয়া বুলি আৰু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রীপাত্ৰাই কয় যে, এই ঘটনাক লৈ লুকাবলগীয়া এনে কি আছিল, যাৰ বাবে তৃণমূল চৰকাৰে বিষয়াগৰাকীক ধনৰ প্ৰস্তাৱ লৈ ভুক্তভোগী পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছিল৷

September 6, 2024 6:58 PM

views 21

দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰত উপস্থিত হয়৷ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাড্ডাই অহা বছৰ হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পাৰ্টনাত দলৰ নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে৷ তেওঁ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্রতিষ্ঠানলৈ যাব আৰু প্ৰতিষ্ঠানখনৰ নতুন সা-সুবিধা মুকলি কৰিব। শ্ৰীনাড্ডাৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্য সেৱাৰ আন্...

September 3, 2024 8:12 PM

views 28

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এক লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ১২ গৰাকী চাকৰি প্রত্যাশী দৌৰাৰ সময়ত মৃত্যু হয়। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ প্ৰভাৰী থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাকৰি প্রত্যাশীসকলৰ শাৰিৰীক পৰীক্ষাৰ সময়ত মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত তদন্তৰ দাবী উত্থাপন কৰিব। শ্ৰীশৰ্মাই কয় যে হেমন্ত চোৰেণ চৰকাৰে মৃত্যু হোৱা ...

September 2, 2024 9:00 AM

views 23

আজিৰে পৰা আৰম্ভ বিজেপিৰ সদস্যতা ভর্তি অভিযান

■ বিজেপিৰ সদস্যতা ভর্তি অভিযান আজিৰে পৰা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্যতাৰ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণেৰে এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। বৰ্তমানৰ দলৰ সকলো সদস্যই তেওঁলোকৰ সদস্যতাৰ নবীকৰণ কৰাব লাগিব। বিজেপিৰ সংবিধান অনুসৰি প্ৰতি ৫ৰ পৰা ৬ বছৰত সদস্যতা অভিযান অনুষ্ঠিত হয়। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্যতা অভিযানৰ প্ৰথম পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰ...

August 31, 2024 5:42 PM

views 26

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে দুৰ্নীতিগ্ৰস্ত হেমন্ত ছোৰেন চৰকাৰক উৎখাট কৰিবলৈ সমৰ্থ হ’ব

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দলীয় দায়িত্বত থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, বিজেপিয়ে চম্পাই ছোৰেনক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰিব। ৰাঁছীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, শ্ৰী ছোৰেনক দলৰ কৰ্ণধাৰ সমিতিত অন্তৰ্ভুক্ত কৰা হ'ব। চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দুৰ্নীতিগ্ৰস্ত হেমন্ত ছোৰেন চৰকাৰক উৎখাট কৰিবলৈ সমৰ্থ হ'ব বুলি শ্ৰী চৌহানে দাবী কৰে।

August 31, 2024 5:35 PM

views 26

আপৰ নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্তৰ দাবী উত্থাপনেৰে ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ বিজেপিৰ বিধায়কৰ দলৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক বিজেপিৰ এটা বিধায়কৰ দলে সাক্ষাৎ কৰি আম আদমী পাৰ্টী নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰে। দিল্লী বিধানসভাৰ বিৰোধী নেতা বিজেন্দ্ৰ গুপ্তাৰ নেতৃত্বত যোৱা দলটোৱে ৰাষ্ট্ৰপতি গৰাকীক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰৰ কেতবোৰ কামকাজক প্রতিফলিত কৰি তেওঁলোকে এই স্মাৰকপত্ৰ প্ৰদান কৰে। বিজেপিয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা প্ৰদানত ৰাজ্য চৰকাৰখন ব...

July 18, 2024 5:20 PM

views 22

কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা হিংসা আৰু হত্যাৰ দৰে শব্দসমূহ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো খুবেই দুর্ভাগ্যজনকঃ সুধাংশু ত্রিবেদী

বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কৈছে যে কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা হিংসা আৰু হত্যাৰ দৰে শব্দসমূহ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো খুবেই দুর্ভাগ্যজনক। নতুন দিল্লীত আজি সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰী ত্রিবেদীয়ে লগতে কয় যে জাপানৰ প্ৰাক্তন প্রধানমন্ত্রী শিনজ’ আবেৰ হত্যা আৰু কিছুদিনৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্রমণে হিংসাত্মক পৰিস্থিতিৰ ভয়াৱহতা প্ৰমাণ কৰিছে। তেনেস্থলত বিৰোধী দলে বিভিন্ন সময়ত হিংসা আৰু হত্যাৰ দৰে শব্দৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্...

July 12, 2024 9:32 AM

views 29

২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে: বিজেপি

■ বিজেপিয়ে কৈছে যে, ২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্বাধিক কর্মসংস্থাপন সৃষ্টি কৰা আগশাৰীৰ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০০৪ আৰু ২০১৪ৰ মাজৰ সময়ছোৱাত ইউ পি এৰ শাসন কালত মাত্র ২ কোটি ৯০ লাখ কর্মসংস্থাপন সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৰাজনৈতিক ইচ্ছা শক্তিৰ সৈতে এখন সুস্থিৰ চৰকাৰ গঠন হৈছে আৰু ইয়াৰ ফলত কৰ্ম...