July 2, 2024 8:39 PM

views 26

ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজৰ জাননী

বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজে আজি লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত এখন জাননী দিয়ে। সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছৰ আজি সাংসদগৰাকীয়ে জাননী দিয়াৰ লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত বহু ভুল বক্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে গান্ধী কিছু বক্তব্য তথ্যগতভাৱে ভুল আৰু বিপথে পৰিচালিত কৰাৰ প্ৰকৃতিৰ। সেয়েহে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত৷ ইপিনে, ৰাহুল গান্ধ...

June 13, 2024 4:38 PM

views 28

পেমা খাণ্ডু তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

অৰুণাচল প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে ইটানগৰৰ দৰ্জি খান্দু অভিৱৰ্তন কেন্দ্ৰত আজি একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। শ্ৰী খাণ্ডুৰ লগতে আন ১১ গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পানায়কে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৷ পি ডি চৌনা, ৱাংকি লৱাঙকে ধৰি অন্যান্য ৰাজ্যিক কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰস...

June 8, 2024 2:54 PM

views 31

সোমবাৰে ওড়িশাত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই। জানিব পৰা মতে দিল্লীত দলৰ সংসদীয় পৰিষদে ওড়িশাৰ নতুন মুখ্যমন্ত্রী নির্বাচন কৰিব। বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ'ব আৰু এই বৈ...

June 8, 2024 1:44 PM

views 41

একনাথ সিন্দে আৰু নীতিশ কুমাৰৰ বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ প্ৰধান নীতিশ কুমাৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শিৱসেনা প্রধান একনাথ সিন্দে কালি নতুন দিল্লীত বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে। জে ডি এছৰ নেতা এইচ ডি কুমাৰাস্বামী আৰু আৰ এল ডিৰ সভাপতি জয়ন্ত চৌধুৰীয়ে কালি শ্ৰীনাড্ডাক সাক্ষাৎ কৰে। বৈঠকত বিভিন্ন সন্দৰ্ভত আলোচনা কৰা হয়৷

June 1, 2024 8:37 PM

views 64

লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ’বঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ দলে লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতাগৰাকীয়ে কয় যে, দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত স্বজনতোষণ আৰু দুৰ্নীতিৰ ৰাজনীতিত প্ৰত্যাখ্যান কৰিব আৰু সৱলীকৰণ, উন্নয়ন তথা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ অৱধাৰণাৰ সমৰ্থন কৰিব। শ্ৰী নাড্ডাই বিজেপি আৰু এন ডি এ মিত্ৰজোঁটৰ কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নির্বাচন স...

May 11, 2024 2:26 PM

views 38

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰা...

May 9, 2024 5:40 PM

views 32

লোকসভা নিৰ্বাচনৰ বাবে ৩ গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ বিজেপিৰ

বিজেপিয়ে কালি লোকসভা নিৰ্বাচনৰ বাবে তিনিগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি দলটোৱে পঞ্জাৱৰ আনন্দপুৰ চাহিব আসনৰ পৰা ড০ সুভাষ শৰ্মা আৰু ফিৰোজপুৰ আসনৰ পৰা ৰানা গুৰমিত সিং সোধীক প্ৰক্ষেপ কৰাৰ বিপৰীতে অৰবিন্দ খান্নাক চক্ৰৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

May 8, 2024 8:25 PM

views 21

পিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছেঃ সুধাংশু ত্রিবেদী

বিজেপিয়ে ভাৰতীয় সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ছেম পিত্রোডাক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, শ্ৰীপিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছে। তেওঁ কয়যে লোকসভা নির্বাচন আগবঢ়াৰ লগে লগে কংগ্ৰেছৰ স্বৰূপ পোহৰলৈ আহিছে। কংগ্ৰেছৰ আদৰ্শই জনসাধাৰণক ভাগ ভাগ কৰা বুলি শ্রীত্রিবেদিয়ে অভিযোগ উত্থাপন কৰে। দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শ্ৰীপিত্ৰোডাৰ মন্তব্যই কংগ্...

May 3, 2024 12:20 PM

views 30

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ প্রতিনিধি দলৰ নিৰ্বাচন আয়োগক সাক্ষাৎ

◊ কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য দলসমূহে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিজেপিয়ে নির্বাচন আয়োগৰ কাষ চাপিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ এটা প্রতিনিধি দলে কালি বিষয়টো লৈ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীত্ৰিৱেদীয়ে কয় যে দলে এনে ধৰণৰ ঘটনাৰ ১৫টা উদাহৰণ দাঙি ধৰিছে আৰু এই উদাহৰণসমূহ সাধাৰণ নহয়, বৰং কংগ্ৰেছে পৰিকল্পিতভাৱে এই তথ্যসমূহ প্ৰচাৰ কৰিছে। কংগ্ৰেছ আৰু মিত্ৰদলৰ নেতাসকলে অবিৰতভাৱে কৰা বিবৃতিক ...

May 2, 2024 1:01 PM

views 27

গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ প্ৰকাশ

◊ বিজেপিয়ে কৈছে যে গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বানুমানৰ পৰা দেশৰ অৰ্থনৈতিক প্রগতি শক্তিশালী আৰু সুস্থিৰ বুলি প্ৰমাণিত হৈছে। ইয়াৰ পৰা বিজেপি চৰকাৰৰ নীতি আৰু সংস্কাৰৰ সাৰ্থকতা প্ৰতিফলিত হৈছে বুলি দলে প্রকাশ কৰিছে। দলৰ ৰাষ্ট্ৰীয় মিডিয়া মুৰব্বী অনিল বলুনীয়ে এটা বিবৃতিযোগে কৈছে যে এই সাফল্য বিজেপিৰ উন্নত ভাৰতৰ ব্যাপক দৃষ্টিভংগীৰ সৈতে গভীৰভাৱে সমন্বয় স্থাপন কৰিছে। তেওঁ কয় যে ই অর্থনৈতিক সবলীক...