October 1, 2025 9:12 PM

views 43

অসম চৰকাৰৰ উদ্যোগত যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন

যোৰহাটত ৰাজহুৱাকৈ অসম চৰকাৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গৰ চিতাভস্মত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰো ব্যৱস্থা কৰা হৈছে। যোৰহাটবাসী তথা শিল্পী জুবিন গাৰ্গৰ অগণন অনুৰাগীয়ে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, নাম-প্ৰসংগ, দিহানাম, গায়ন-বায়নেৰে শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত সোনকালে হোৱাৰ লগতে দোষীয়ে উপযুক্ত শাস্তি যাতে পায়, তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহ...

September 29, 2025 7:39 PM

views 75

জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰে জড়িত অভিযুক্তক অতি শীঘ্ৰে গ্রেপ্তাৰৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান জনাবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ক আনুষ্ঠানিকভাবে আবেদন জনাইছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্রদান নিশ্চিত কৰাত সহায় হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্রীয়ে কয়, যে অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ সন্ধান অসম আৰক্ষীয়ে লাভ কৰিছে। অহা ২-৩ দিনৰ ভিতৰত অভিযুক্ত শ্যামকানু মহন্ত...

September 26, 2025 11:47 AM

views 59

শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত আৰক্ষীৰ অভিযান

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট - এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত উত্তেজিত একাংশ লোকে শিল নিক্ষেপ কৰাত ১৫ জনৰো অধিক আৰক্ষী আৰু চি আই ডিৰ লোক আহত হোৱাৰ লগতে দুখন বাহনো ক্ষতিগ্রস্ত হয়। আৰক্ষীয়ে উত্তেজিত জনতাক বহু কষ্...

September 25, 2025 10:22 PM

views 59

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে আজিও প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী ছহিদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰ...

September 25, 2025 10:22 PM

views 28

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। প্রান্তে প্রান্তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাইলৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰৰ নিৰ্মীয়মান উদ্যানখন জুবিন গার্গ ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। উদ্যানখনত আজি শিল্পীগৰাকীৰ শিল্পী চিতাভষ্ম স্থাপন কৰাৰ লগতে দুটা নাহৰৰ পুলি...

September 25, 2025 7:33 PM

views 44

শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰস্থিত বাসভৱনত প্ৰাৰম্ভিক তদন্ত

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোট- এছ আই টিৰ এটা দলে আজি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনত প্ৰাৰম্ভিক তদন্ত চলায়। এছ আই টিৰ দলে আজি জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামীৰ বাসগৃহলৈও গৈ প্ৰাৰম্ভিক তথ্য আহৰণ কৰে। চি আই ডিয়ে আজি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰ্জনৰ ঘৰৰ বাহিৰত উত্তেজিত জনতাক আৰক্ষীয়ে বহু কষ্ট কৰি...

September 22, 2025 7:57 PM

views 26

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব

ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল যোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্য সময়ৰ কিছু সালসলনি হ'ব পাৰে বুলি মু...

September 22, 2025 7:51 PM

views 31

অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত

কফিনত শুই থকা অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত হয়। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱ...

September 21, 2025 7:28 PM

views 47

জনতাৰ শিল্পী জুবিন গাৰ্গক দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বিৰল প্ৰতিভাসম্পন্ন শিল্পী, একাধিক প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। জুবিন গাৰ্গৰ বিয়োগত আজিও দেশৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। মুম্বাইত ভালেসংখ্যক শিল্পীয়ে আজি জুবিনক গানেৰে শ্ৰদ্ধা জনায়। কলকাতাতো অসংখ্য শিল্পীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্রিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলাৰ মাকুমত আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সমদল উলিওৱা হয়। দৰং জি...

September 21, 2025 7:16 PM

views 23

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজ্যৰ অনুৰাগীসকলৰ অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন

অন্তিম শয়নত ঢলি পৰা গীতৰ জ্যোতিষ্ক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যৰ অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰে। ৰাজ্যৰ সংগীত ক্ষেত্ৰত সুবৃহৎ ক্ষতৰ সৃষ্টি কৰি আকষ্মিকভাৱে আঁতৰি যোৱা জনতাৰ শিল্পী জুবিন গাৰ্গক অন্তিম বাৰৰ বাবে আজি পুৱা প্ৰায় চাৰে ৬ বজাত অসমভূমিলৈ লৈ অহাৰ পাছত অভূতপূৰ্ব জনসমাগমে শিল্পীগৰাকীক বাসগৃহলৈ লৈ আহে। বাসগৃহত পৰিয়ালৰ সদস্যসকলে শেষ শ্রদ্ধা জনোৱাৰ পাছত তেওঁৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত গুণমুগ্ধসকলৰ শেষ দৰ্শনৰ বাবে ৰখা হয়। জনসাধাৰণে ...