October 24, 2025 6:47 PM

views 37

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সম-জিলাৰ আয়ুক্ত বিশ্বজিৎ শ‍ইকীয়াই এই সন্দৰ্ভত কয়, যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৱিত্ৰতা আৰু শৃংখলা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈহে দর্শনার্থীয়ে সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সেই অনুসৰি আজি নিশা ১০ বজাৰ পাছত সমাধিস্থলীৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি ডিমৰীয়া সম-জিলাৰ আয়ুক্তগৰাকীয়ে কয়।

October 24, 2025 6:00 PM

views 48

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ পাঁচজনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। ছিংগাপুৰ আ...

October 22, 2025 12:04 PM

views 115

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদানৰ বাবে বিজেপিৰ ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে আজিৰে পৰা বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ কৰিব। আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ শাসকীয় দলটোৱে এই যাত্ৰা আৰম্ভ কৰিব। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱা অংশগ্ৰহণ কৰিব। ৩০ অক্টোবৰলৈকৈ প্ৰতিখন জিলাৰ সদৰতে এই ন্যায় যাত্ৰা উলিওৱা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনু...

October 22, 2025 11:57 AM

views 67

ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব: মুখ্যমন্ত্ৰী

● ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ৫ জনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গক এশ শতাংশ ন্যায় দিয়া হ'ব আৰু এয়া তেওঁৰ সংকল্প। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্...

October 10, 2025 12:52 PM

views 45

৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসৰ জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী

● ৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰিছে। ইণ্ডো-চীন সীমান্তৰ তাতচিং ভ্ৰমণ সামৰি শিৱসাগৰত কালি বিয়লি উপস্থিত হোৱা মিনাক্ষী দাসে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ সন্মুখৰ পৰা শিল্পীগৰাকীৰ প্ৰতি এই দাবী উত্থাপন কৰে।

October 10, 2025 12:56 PM

views 61

ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ'ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়। সোধা-পোচাৰ সময়ত কলিতাই আৰক্ষীক তদন্তত সহযোগিতাৰ আশ্বাস দিয়ে। ইপিনে এছ আই টিয়ে কলিতাক সোধা-পোচা কৰাৰ পাছত দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য লাভ কৰিছে। বিশেষকৈ ছিংগাপুৰৰ সাগৰলৈ যোৱাৰ সময়ত য়'টত জুবিন...

October 10, 2025 1:42 PM

views 54

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮ টাকৈ চৰকাৰী-বেচৰকাৰী বিভাগ তথা বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ...

October 8, 2025 6:14 PM

views 45

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ...

October 6, 2025 12:30 PM

views 38

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত; ন্যায়িক তদন্ত আয়োগৰো তদন্ত আৰম্ভ

শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে। চি আই ডি আৰু এছ আই টিৰ তদন্তৰ মাজতে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা ন্যায়িক তদন্ত আয়োগেও তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালি চি আই ডি কার্যালয়ত পৃথকে পৃথকে জুবিন গাৰ্গৰ সহশিল্পী, বাদ্যযন্ত্রী, দেহৰক্ষী আৰু চালককে ১২ জন লোকক জেৰা কৰা হয়। তদন্তকাৰী গোটে জুবিন গাৰ্গৰ কেইবাগৰাকী প্ৰাক্তন সতীৰ্থৰো ভাষ্য গ্ৰহণ কৰে। ইয়াৰ মাজতে কেইজনমানক আদালতলৈ নি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হয়। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰৰ অভিযুক্ত ...

October 2, 2025 6:13 PM

views 80

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন

■ ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰিছিল। দুই প্রধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ...