December 22, 2025 9:00 PM December 22, 2025 9:00 PM

views 6

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ...

December 6, 2025 6:58 PM December 6, 2025 6:58 PM

views 24

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি উলুবাৰীত থকা চি আই দিৰ কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত ...

November 25, 2025 12:26 PM November 25, 2025 12:26 PM

views 16

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিল্পীগৰাকীৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানৰ সদস্য আদিয়ে ১২ ডিচেম্বৰলৈকে তথ্য বা শপতনামা প্ৰদান কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই আয়োগত তথ্য দাখিলৰ সময়সীমা ২১ নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছিল। ২১ নৱেম্বৰ পৰ্যন্ত আয়োগৰ সন্মুখত ৩৯ খন শপতনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ন্যায়াধীশ শ‍ইকীয়াই তিনি নৱেম্বৰত আনুষ্ঠানিকভাৱে আয়োগৰ কাম আৰম্ভ ...

November 20, 2025 7:12 PM November 20, 2025 7:12 PM

views 16

ভার্চুৱেল মাধ্যমেৰে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ সাতজন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভার্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখ...

November 17, 2025 6:01 PM November 17, 2025 6:01 PM

views 18

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ ওপজা দিন উদযাপন কৰিবলৈ লৈছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রীয়ে ইতিপূর্বে প্রকাশ কৰিছে। ৰাজ্যিক বিজেপিয়ে কাইলৈ ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান আৰু তেজৰ গ্ৰুপ চিনাক্ত কৰাৰ বাবে জীৱন সুৰভি নামেৰে শিবিৰৰ আয়োজন কৰিছে। দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই কাইলৈ পুৱা ৯ ব...

November 17, 2025 5:38 PM November 17, 2025 5:38 PM

views 39

কাইলৈ জুবিন গাৰ্গৰ ওপজা দিন

জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জু...

October 27, 2025 6:17 PM October 27, 2025 6:17 PM

views 28

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্তৰ বাবে সাজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে মূলত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আৰু পৰিস্থিতি সম্পৰ্কীয় ৪ টা বিষয়ক তদন্তত সামৰি ল'ব। আয়োগে ছিংগাপুৰত ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ সকলোবোৰ পৰিঘটনাৰ ক্রম নির্ণয় কৰিব। তদুপৰি তদন্তত ৰৈ যোৱ...

October 24, 2025 6:47 PM October 24, 2025 6:47 PM

views 20

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সম-জিলাৰ আয়ুক্ত বিশ্বজিৎ শ‍ইকীয়াই এই সন্দৰ্ভত কয়, যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৱিত্ৰতা আৰু শৃংখলা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈহে দর্শনার্থীয়ে সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সেই অনুসৰি আজি নিশা ১০ বজাৰ পাছত সমাধিস্থলীৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি ডিমৰীয়া সম-জিলাৰ আয়ুক্তগৰাকীয়ে কয়।

October 24, 2025 6:00 PM October 24, 2025 6:00 PM

views 33

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ পাঁচজনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। ছিংগাপুৰ আ...

October 22, 2025 12:04 PM October 22, 2025 12:04 PM

views 88

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদানৰ বাবে বিজেপিৰ ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে আজিৰে পৰা বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ কৰিব। আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ শাসকীয় দলটোৱে এই যাত্ৰা আৰম্ভ কৰিব। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱা অংশগ্ৰহণ কৰিব। ৩০ অক্টোবৰলৈকৈ প্ৰতিখন জিলাৰ সদৰতে এই ন্যায় যাত্ৰা উলিওৱা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনু...